ETV Bharat / bharat

বিৰোধী নেতাই অংশগ্ৰহণ নকৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত: কোন কোন এইসকল নেতা ?

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:34 AM IST

Ram Mandir Pran Pratistha: মাহেন্দ্ৰ ক্ষণলৈ মাথোঁ কেইটামান ক্ষণ বাকী ৷ সমগ্ৰ দেশজুৰি ৰামভক্তিত সকলো বিলীন হৈ থকাৰ মাজতে বিৰোধী দলসমূহৰ নেতাসকলে এই অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰখা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছৰ অধ্যক্ষ খাৰ্গে, ছোনিয়া গান্ধী, সীতাৰাম য়েচুৰী, কেজৰিৱালকে ধৰি বহু নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে ৷

Ram Mandir Pran Pratistha
বিৰোধী নেতাই অংশগ্ৰহণ নকৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত: কোন কোন এইসকল নেতা ?

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : ৰামময় সমগ্ৰ দেশ ৷ ৰাম বন্দনাত বিলীন হৈছে ভক্তগণ ৷ আৰু মাথো কেইটামান মুহূৰ্তৰ পিচতে আজি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব । এই কাৰ্যসূচীত দেশবাসীৰ লগতে বিদেশী লোকো উপস্থিত হৈছেহি ৷ ইয়াৰ উপৰিও তাৰকাৰ লগতে প্ৰাক্তন মন্ত্ৰীসকলে আমন্ত্ৰণ লাভ কৰাৰ পিচতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ কিন্তু ইয়াৰ মাজতো বিৰোধী দলৰ নেতাসকলে এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰাখিছে ।

বিৰোধী নেতাসকলে কোৱা অনুসৰি, বিজেপিয়ে এই কাৰ্যসূচীক ৰাজনৈতিক ৰং দিবলৈ চেষ্টা কৰি আছে । লোকসভা নিৰ্বাচন 2024 ৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী আয়োজন কৰা হৈছে । এই মন্তব্যই বিজেপিক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰাৰ পৰিলক্ষিত হৈছে ৷

প্ৰথমতে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীক আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ নাকচ কৰিছিল ৷

এই তালিকাৰ দ্বিতীয় নামটো হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে । মন্দিৰ ন্যাসৰ দ্বাৰা তেওঁলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল, কিন্তু তেওঁ কৈছিল যে বিজেপিয়ে ইয়াক ৰাজনৈতিক ৰং দিছে। তেওঁ কৈছিল যে ভাৰতীয় জনতা পাৰ্টি আৰু আৰ এছ এছে ৰাম মন্দিৰক এটা নিৰ্বাচনী কাৰ্যসূচী হিচাপে তৈয়াৰ কৰিছে বুলি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অমান্তি হয় ৷

ইয়াৰ পিচত লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীকো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত নিমন্ত্ৰণ কৰে যদিও তেওঁ অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷

ইয়াৰ পিচতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে । সম্প্ৰতি গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখিছে ৷ ৰাহুল গান্ধীয়ে প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী বুলি অভিহিত কৰিছিল ৷

সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱেও এই অনুষ্ঠানৰ পৰা আঁতৰি আছে । তেওঁ কয় যে, 22 জানুৱাৰীৰ পিচত তেওঁ পৰিয়ালৰ সৈতে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ দৰ্শন কৰিব ৷

আম আদমী পাৰ্টীৰ পৃষ্ঠপোষক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই কাৰ্যসূচীটোত উপস্থিত নাথাকে বুলি জানিবলৈ দিয়ে ৷ তেওঁ কয় যে পৰৱৰ্তী সময়ত পৰিয়ালৰ সৈতে তেওঁ অযোধ্যালৈ যাব ৷

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভাপতি মমতা বেনাৰ্জীয়েও এই কাৰ্যসূচীত উপস্থিত নথকাৰ সিদ্ধান্ত লৈছে । অৱশ্যে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কট্টৰ বিৰোধ কৰি আহিছে ৷ তেওঁ কয় যে, 22 জানুৱাৰীত ৰাজ্যখনত এক 'সদ্ভাৱনা' ৰেলী উলিয়াব ৷

ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱেও এই অনুষ্ঠানটোত উপস্থিত নাথাকে বুলি জানিবলৈ দিয়ে ৷ তেওঁ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ কোনো কাৰণ দৰ্শোৱা নাই ৷

জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰও অনুষ্ঠানটোৰ পৰা আঁতৰি আছে । তেওঁ কয় যে 22 জানুৱাৰীৰ পিচত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ আহিব ।

চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীলৈও নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ ৰাজনৈতিক চৰ্চাৰ বাবে এই অনুষ্ঠানটোৰ পৰা আঁতৰি আছে ৷

শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়েও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পৰা নিজকে আঁতৰাই ৰাখিছে । তেওঁকো এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল কিন্তু তেওঁ বিজেপিৰ প্ৰতি থকা অসন্তুষ্টিৰ বাবে যোগদান নকৰাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক: বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.