ETV Bharat / bharat

অচিৰেই ছীল কৰিব মন্নত

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:03 AM IST

Mannat Kothi seized : মাফিয়া আতিক আহমেদৰ অবৈধ সম্পত্তিৰ ওপৰত আৰক্ষী-প্ৰশাসনে কঠোৰ পদক্ষেপ হাতত লৈছে ৷ সম্প্ৰতি আতিক আহমেদেৰ গ্ৰেটাৰ নয়ডাস্থিত মন্নত ছীল কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷ আহমেদে এই বাংলোটো শ্বাহৰুখ খানৰ মন্ননত বাংলোৰ পৰা অনুপ্ৰাণিত হৈ 3 কোটি 70 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল ৷

Mannat Kothi seized
অচিৰেই ছীল কৰিব মন্নত

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক বিগত বছৰৰ 15 এপ্ৰিলত গুলীয়াই হত্যা কৰা হৈছিল । তাৰ পিচৰে পৰা প্ৰশাসনে মাফিয়াগৰাকীৰ সৈতে সকলো সম্পত্তি জব্দ কৰিছে । ইয়াৰ সমান্তৰালকে গ্ৰেটাৰ নয়ডাত থকা আতিক আহমেদৰ মন্নত ভৱনটো ছীল কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷

আতিক আহমেদে প্ৰায় 3 কোটি 70 লাখ টকা ব্যয় কৰি শ্বাহৰুখ খানৰ মন্নত বাংলোৰ পৰা অনুপ্ৰাণিত হৈ মন্নত কোঠীৰ নিৰ্মাণ কৰিছিল ৷ শ্বাহৰুখ খানৰ মন্নত বাংলোটোৰ পৰা অনুকৰণ কৰিয়েই এই বাংলোৰ নাম দিছিল মন্নত ৷ গেংষ্টাৰ আইনৰ অধীনত কেণ্ট আৰক্ষীৰ তদন্তত আতিক আহমেদৰ এই সম্পত্তিৰ তথ্য পোহৰলৈ আহিছিল । প্ৰয়াগৰাজ আৰু গ্ৰেটাৰ নয়ডা আৰক্ষীয়ে আতিক আহমেদৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিব ।

ইফালে প্ৰয়াগৰাজ আৰক্ষীয়ে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ পৰিয়ালৰ আন সদস্য আৰু ঘনিষ্ঠ সহযোগীসকলে গুণ্ডাগিৰি কৰি অবৈধভাৱে আহৰণ কৰা বেনামি সম্পত্তিসমূহ চিনাক্ত কৰি ছীল মোহৰ লগোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । গেংষ্টাৰ আইনৰ অধীনত, আৰক্ষীয়ে মাফিয়াটোৰ সম্পত্তিৰ বিচাৰ-খোচাৰ কৰাত উঠি পৰি লাগিছে ৷ এই অভিযানত আৰক্ষীয়ে গ্ৰেটাৰ নয়ডাৰ ছেক্টৰ 36-ত ঘৰ নম্বৰ এ 107 ৰ মন্নত কোঠিৰ সন্ধান উলিয়াইছিল ৷

আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাৰ আদালতে গ্ৰেটাৰ নয়ডাস্থিত 3.70 কোটি টকাৰ এই বিশাল সম্পত্তিত ছীল লগাবলৈ নিৰ্দেশনা জাৰি কৰিছে । ইতিমধ্যে প্ৰয়াগৰাজ আৰক্ষীয়ে বাংলোটো পৰিদৰ্শন কৰিছে আৰু ঘৰটোৰ পৰীক্ষা কৰিছে । ইতিমধ্যে ঘৰটো ছীল কৰাৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।

ডিচিপি চিটি দীপক ভূকৰে কৈছিল যে কেইবাবছৰৰ পূৰ্বে, আতিক আহমেদে গুণ্ডাগিৰি কৰি গ্ৰেটাৰ নয়ডাত অবৈধভাৱে এটা বিলাসী কোঠি নিৰ্মাণ কৰিছিল । ইয়াৰ সমান্তৰালকে মাফিয়াটোৰ আৰু বহুতো সম্পত্তিৰ খবৰ লাভ কৰা গৈছে ৷ ইয়াৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই সকলোবোৰ সম্পত্তি জব্দ কৰা হ'ব । ইয়াৰ পূৰ্বেও আতিক আহমেদৰ কোটি কোটি মূল্যৰ বহুতো সম্পত্তি জব্দ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গেংষ্টাৰ আইনৰ ধাৰা 14 (1)ৰ অধীনত এই প্ৰক্ৰিয়া অব্যাহত থাকিব।

লগতে পঢ়ক: এল কে আদৱানীৰ ব্যক্তিগত আৰু ৰাজনৈতিক কেৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.