ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণেৰে চমক গুৱাহাটীৰ ৰাহুলৰ

author img

By ANI

Published : Jan 20, 2024, 2:22 PM IST

Updated : Jan 22, 2024, 2:36 PM IST

Assam Artist Rahul Pareek : গুৱাহাটীৰ শিল্পী ৰাহুল পাৰেকে ইতিমধ্যে ইলেক্ট্ৰ'নিক আৱৰ্জনা ব্যৱহাৰ কৰি বহু প্ৰসিদ্ধ ব্যক্তিৰ প্ৰতিকৃতি নিৰ্মাণ কৰি উচ্চ প্ৰশংসিত হৈছে । এইবাৰ তেওঁ ৰাম মন্দিৰৰ এক অনন্য প্ৰতিকৃতি নিৰ্মাণেৰে চমক সৃষ্টি কৰিছে ।

ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণেৰে চমক গুৱাহাটীৰ ৰাহুলৰ
ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণেৰে চমক গুৱাহাটীৰ ৰাহুলৰ

নিউজ ডেস্ক, ২০ জানুৱাৰী : দুৱাৰদলিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ । এই বিশেষ দিনটো অতি বিশেষ কৰিবৰ বাবে বিভিন্নজনে বিভিন্ন কাৰ্য হাতত লৈছে । মন্দিৰ নগৰী অযোধ্যাৰ লগতে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া উখল-মাখল লাগিছে । বিৰাজ কৰিছে ৰামময় পৰিৱেশ । তাৰ মাজতে অসমৰ এগৰাকী শিল্পীয়ে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ এইগৰাকী যুৱ শিল্পী আৰু তেওঁৰ বন্ধুবৰ্গই বৈদ্যুতিক পাইপ আৰু কাৰ্টন ব্যৱহাৰ কৰি ৰাম মন্দিৰৰ এক আকৰ্ষণীয় প্ৰতিকৃতি নিৰ্মাণ কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে ।

২৩ বছৰীয়া শিল্পী ৰাহুল পাৰেকে ইতিমধ্যে ইলেক্ট্ৰ'নিক আৱৰ্জনা ব্যৱহাৰ কৰি বহু প্ৰসিদ্ধ ব্যক্তিৰ প্ৰতিকৃতি নিৰ্মাণ কৰি তেওঁৰ অনন্য যান্ত্ৰিক কলাৰে উচ্চ প্ৰশংসিত হৈছে । এইবাৰ ৰাহুলে ৰাম মন্দিৰৰ এক অনন্য প্ৰতিকৃতি নিৰ্মাণেৰে চমক সৃষ্টি কৰিছে ।

এএনআইক দিয়া এক সাক্ষাৎকাৰত ৰাহুলে কয় যে ৰাম মন্দিৰৰ এই প্ৰতিকৃতি তেওঁলোকৰ আৱাসিক এলেকাত স্থাপন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ এলেকাতো অযোধ্যাৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব ।

"কেইদিনমান পূৰ্বে মোৰ দুগৰাকী বন্ধুৱে সিদ্ধান্ত লয় যে আমি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণ কৰিম । মই, অৰূপ আৰু পংকজে সিদ্ধান্ত লওঁ যে আমি ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণ কৰিম । অৱশেষত এই মন্দিৰ নিৰ্মাণৰ বাবে বৈদ্যুতিক পাইপ আৰু কাৰ্টন ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ । আমি বিগত দুসপ্তাহ ধৰি ইয়াৰ ওপৰত কাম কৰি আছোঁ আৰু আমি কল্পনা কৰাৰ দৰেই ই গঢ় লৈ উঠিছে ।" ৰাহুলে কয় ।

তেওঁ লগতে কয়, "কিছু কাম অৱশ্যে এতিয়াও বাকী আছে । কিন্তু আমি ইয়াৰ নিৰ্মাণ ২২ জানুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰিম । আমি ইয়াতো এই বিশেষ দিনটো উদযাপন কৰিব বিচাৰোঁ । আমি সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ আৱাসিক এলেকাত প্ৰতিকৃতিটো স্থাপন কৰিম আৰু তাত উপাসনা কৰা হ'ব । আমি ইয়াতো অযোধ্যাৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিম ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাহুল পাৰেকে বৰ্জিত কম্পিউটাৰ মাডাৰ বোৰ্ড, মোবাইল ফোন আৰু অন্যান্য ই-আৱৰ্জনা সামগ্ৰী ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বলীউড অভিনেতা অক্ষয় কুমাৰ, ক্ৰিকেটাৰ বিৰাট কোহলী, যোগ গুৰু ৰামদেৱৰ বহুতো প্ৰতিকৃতি নিৰ্মাণ কৰিছে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীয়ে দৰ্শন কৰিব শংকৰদেৱৰ জন্মস্থান

Last Updated : Jan 22, 2024, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.