ETV Bharat / bharat

ৰাজস্থানত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:02 PM IST

IAF aircraft accident: ৰাজস্থানৰ জয়ছেলমাৰত ভাৰতীয় বায়ু সেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাত পতিত হয় । সৌভাগ্যক্ৰমে বিমানৰ পাইলটে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহে । ঘটনাক লৈ তদন্ত অব্যাহত আছে ।

IAF aircraft accident
ৰাজস্থানত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,১২ মাৰ্চ : ৰাজস্থানৰ জয়ছেলমাৰত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হৈছে । এক কাৰ্যকৰী প্ৰশিক্ষণৰ সময়তে মঙলবাৰে বায়ু সেনাৰ এখন লাইট কমবেট এয়াৰক্ৰাফ্ট তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোৰ সময়ত পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাটোক লৈ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

তথ্য অনুসৰি, তেজছ বিমান দুৰ্ঘটনাটো জয়ছেলমাৰৰ জৱাহৰ কলনীৰ ওচৰত সংঘটিত হৈছে । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ মেঘৱাল হোষ্টেলৰ ভৱনৰ সমীপত ইয়াৰ অৱশিষ্ট পৰিছিল । অৱশ্যে, ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । দুৰ্ঘটনাটোৰ পিচতে আৰক্ষী প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীলৈ ৰাওনা হয় । পাইলটজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত পাইলট আৰু সহ-পাইলটজন তেজছত আছিল । দুৰ্ঘটনাটোৰ পিচত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

ইফালে সেনাৰ তিনিওটা শাখাই পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত যুদ্ধ অনুশীলনত অংশগ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই যুদ্ধ অনুশীলনত অংশ ল'বলৈ পোখৰণত উপস্থিত হৈছে । তেনে সময়তে বায়ু সেনাৰ বিমান দুৰ্ঘটনাটো হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে ঘটনাটোক তদন্ত প্ৰক্ৰিয়াও আৰম্ভ হৈছে । একাংশই সন্দেহ কৰা মতে কাৰিকৰী বিসংগতিৰ বাবে বিমানখন দুৰ্ঘটনাত পতিত হৈছে । অৱশ্যে তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পিচত হে সকলো কথা স্পষ্ট হ'ব ।

লগতে পঢ়ক :'আত্মনিৰ্ভৰতা’ সত্বেও ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.