ETV Bharat / bharat

২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শন কৰিব ৰাজ্যৰ মন্ত্ৰী পৰিষদে

author img

By ANI

Published : Jan 23, 2024, 12:32 PM IST

Jayanta Malla on Ram Mandir : অহা ২২ ফেব্ৰুৱাৰীত ৰামলালাৰ দৰ্শন কৰিব অসমৰ মন্ত্ৰী পৰিষদে । তেওঁলোকে ইয়াৰ বাবে একেলগে অযোধ্যা ভ্ৰমণ কৰিব । ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা জনাইছে ।

২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শন কৰিব ৰাজ্যৰ মন্ত্ৰী পৰিষদে
২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শন কৰিব ৰাজ্যৰ মন্ত্ৰী পৰিষদে

নিউজ ডেস্ক, ২৩ জানুৱাৰী : ২২ জানুৱাৰীত অতি আড়ম্বৰপূৰ্ণভাৱে উদ্বোধন হয় অযোধ্যাৰ ৰাম মন্দিৰ । বহু প্ৰতীক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে । এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এমাহ পিছত, অহা ২২ ফেব্ৰুৱাৰীত ৰামলালাৰ দৰ্শন কৰিব অসমৰ মন্ত্ৰী পৰিষদে । তেওঁলোকে ইয়াৰ বাবে একেলগে অযোধ্যা ভ্ৰমণ কৰিব । ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা জনাইছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যিক কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে ।

উল্লেখ্য যে অযোধ্যাৰ শ্ৰীৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান এক বিশাল আয়োজনেৰে অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত পুৰোহিতসকলৰ পৰিচালিত মুখ্য ৰীতি-নীতি পালন কৰে । অনুষ্ঠানটো উপলক্ষে সমগ্ৰ দেশতে ৰামময় পৰিৱেশৰ সৃষ্টি হয় ।

আনহাতে, কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কেবিনেটে ৰাজ্যখনৰ প্ৰাদেশিক মহাবিদ্যালয়সমূহৰ যোগ্য সহকাৰী অধ্যাপকসকলৰ পদোন্নতিত অনুমোদন জনাইছে ।

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু অযোধ্যাত ৰামলালালৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ভাৰতৰ জনসাধাৰণক শুভেচ্ছা জনাইছে । ৰাজ্যিক কেবিনেটে ৰাজ্যখনৰ প্ৰাদেশিক মহাবিদ্যালয়সমূহৰ যোগ্য সহকাৰী অধ্যাপকসকলৰ পদোন্নতিৰ বাবে অনুমোদন জনাইছে । গণতন্ত্ৰ দিৱস উদযাপনৰ দিনা ৰাজ্যখনৰ মন্ত্ৰীসকলে বিভিন্ন জিলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ।" জয়ন্ত মল্লই কয় ।

উল্লেখ্য যে ৰাজ্যিক কেবিনেটে গহপুৰত স্থাপন হ'বলগীয়া শ্বহীদ কানাকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়কৰো অনুমোদন জনাইছে আৰু এই বিধেয়কখন আগন্তুক বিধানসভা অধিবেশনত উত্থাপন কৰা হ'ব । ৰাজ্যিক কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এলেকাসমূহত সৰ্বাংগীণ উন্নয়নৰ বাবে এছঅ'পিডি-জিৰ অধীনত 400 কোটি টকা অনুমোদন জনাইছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যিক কেবিনেটে পৰীক্ষাৰ সময়ত অন্যায় প্ৰথা ৰোধ কৰিবলৈ অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিত অন্যায় উপায় প্ৰতিৰোধৰ ব্যৱস্থা) বিধেয়ক, ২০২৪, গোলাঘাটত ভিজিআৰ/পিজিআৰ ভূমি সংৰক্ষণ, মিছন বসুন্ধৰা ২.০ ৰ অধীনৰ ১০ খন জিলাৰ ভূমিহীন লোকৰ পক্ষত ভূমি নিষ্পত্তিত অনুমোদন জনাইছে ।

লগতে পঢ়ক :কোন মন্ত্ৰীয়ে ক’ত ’24 ৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.