
উত্তৰ-পূবৰ বাবে বাজেটত সীমিত পুঁজি আৱণ্টন: ৰাজ্যসভাত সৰৱ সাংসদ ভূঞা - India Budget 2024
Ajit Bhuyan Slams BJP Govt : মঙলবাৰে ৰাজ্যসভাত এক ব্যতিক্ৰমী ৰূপত দেখা যায় সাংসদ অজিত কুমাৰ ভূঞাক । অসমৰ পৰা ৰাজ্যসভাৰ একমাত্ৰ বিৰোধী দলৰ সাংসদগৰাকী চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা যায় । বিশেষকৈ শেহতীয়া বাজেটত উত্তৰ-পূবৰ বাবে আৱণ্টিত পুঁজি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

Published : July 30, 2024 at 10:27 PM IST
নিউজ ডেস্ক, ৩০ জুলাই : ৰাজ্যসভাত অসমৰ সাংসদ অজিত কুমাৰ ভূঞাই মঙলবাৰে চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰে । শেহতীয়া বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেট আৱণ্টন সন্দৰ্ভত নিজৰ অসন্তুষ্টি ব্যক্ত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
ভাষণৰ আৰম্ভণিতেই এটা কবিতাৰে চৰকাৰক লক্ষ্য কৰি লয় সাংসদ অজিত কুমাৰ ভূঞাই । হিন্দী ভাষাত লিখা কবিতাটো তেওঁ আবৃত্তিও কৰে- "দিল ধৰকতা হ্যে নৰ্থ ইষ্ট কে লীয়ে, পৰ দিল বেহকতা হ্যে বিহাৰ ঔৰ অন্ধ্ৰ কে লীয়ে । মে তো খোজতা ৰহা, ঔৰ তুম গুম হোতে ৰহে নৰ্থ-ইষ্ট সে ।"
কবিতাটো আবৃতি কৰি তেওঁ কয়, "যিহেতু মই অসমৰ আৰু এই উচ্চ সদনত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিৰোধী কণ্ঠস্বৰ, সেয়ে মোক প্ৰদান কৰা সীমিত সময়ৰ ভিতৰত উত্তৰ-পূবৰ বিষয়েহে ক'ম ।"
কেন্দ্ৰীয় বাজেটৰ প্ৰসংগ উল্লেখ কৰি অজিত ভূঞাই কয়, "২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সতীয়া মাতৃৰ দৰে ব্যৱহাৰ কৰিছে । আৰু যিকোনো ব্যক্তিয়ে বুজি পাব যে মোদী চৰকাৰে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত এন ডি এৰ ফলাফলৰ বাবে মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামক শাস্তি দিছে । কিন্তু অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশে এন ডি এক ১৮ খন আসনৰ ভিতৰত ১৫ খন লোকসভা আসন প্ৰদান কৰিছে । তথাপি নামমাত্ৰ বান প্ৰশমন ব্যৱস্থাপনা আঁচনিৰ বাহিৰে কোনো ডাঙৰ প্ৰকল্প বা কাৰ্যসূচী ঘোষণা কৰা হোৱা নাই ।"
বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবী জনাই অজিত ভূঞাই কয়, "অসমৰ সকলো ৰাজনৈতিক দলেই সমস্বৰে দাবী কৰি আহিছে যে অসমত বানৰ ধ্বংসযজ্ঞক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে । কিন্তু বাজেটে এই ক্ষেত্ৰত অৱহেলা কৰাটোহে দেখুৱাইছে ।"
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে ৰাজ্যসভাত অসমৰ একমাত্ৰ বিৰোধী দলৰ সাংসদগৰাকীয়ে । তেওঁ কয়, "মই এই কথা বুজি পোৱাত ব্যৰ্থ হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কিয় কেৱল চৰকাৰত তেওঁলোকৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈয়ে ৰাজ্যখনৰ স্বাৰ্থক সম্পূৰ্ণৰূপে উপেক্ষা কৰি আহিছে । অসমৰ মুখ্যমন্ত্ৰীয়ে বাজেটক ৰাজ্যখনৰ বাবে গেমচেঞ্জাৰ বুলি অভিহিত কৰিছে । কিন্তু ৰাজ্যখনৰ জনসাধাৰণে বানপীড়িত লোকসকলৰ বৈধ আৰু ন্যায়সঙ্গত উদ্বেগক উপেক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰীক কুম্ভকৰ্ণ বুলি অভিহিত কৰে ।"
উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰই বঞ্চনা কৰা বুলি অভিযোগ কৰি তেওঁ লগতে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ডাবল ইঞ্জিন চৰকাৰ আছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক বিৰোধীশাসিত ৰাজ্য হিচাপে গণ্য কৰা হৈছে । লগতে সকলো মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ নিজ নিজ বিত্তীয় অসুবিধাৰ কথা ক'বলৈ, সজোৰে অনুদান বৃদ্ধি কৰিবলৈ তেওঁলোকে নৈতিক অধিকাৰ হেৰুৱাইছে । কিয়নো উক্ত বাজেটত বিত্তীয় অচলাৱস্থা সমাধানৰ বাবে কোনো ব্যৱস্থা নাই ।"
আনহাতে, ভাষণৰ শেষত তেওঁ পুনৰ আন এক কবিতাৰ পংক্তি আওৰায়, "না কৰা তামাচা মেৰে চুপকি পৰ, জিস দিন হাম তাকৰা জায়েংগে তুমহাৰে তামাচা পৰ, পাতা নেহী কী তুম ৰহো কী ম্যে ৰহো, পৰ এক বাত হ্যে পক্কী, কী কোয়ি তু মিত জায়েগা, য়ে বাত হ্যে পক্কী ।"

