বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাক আদৰি ল’বলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ - APCCC on Ashok Sarma Controversy
Ashok Sarma Controversy : নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা প্ৰবীণ বিজেপি নেতা অশোক শৰ্মাক আদৰি ল’বলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ ৷ এই সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতাই ।

Published : July 28, 2024 at 2:26 PM IST
নলবাৰী, 28 জুলাই : কংগ্ৰেছ দলত স্থান নিশ্চিত জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ ৷ শনিবাৰৰ নিশা কংগ্ৰেছৰ এক নেতৃত্বই RSS কৰ্মীগৰাকীৰ গৃহত ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত হোৱাৰ পাচতে সংবাদ মাধ্যমৰ আগত এই দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ৷
সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই যোগদান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, "দেশৰ এটা পুৰণি দল হিচাপে কংগ্ৰেছ দলৰ যি নিয়ম, অনুশাসন আছে সেয়া মানি যদি কোনোৱে যোগদান কৰিব বিচাৰে তেওঁলোকৰ বাবে দলৰ দুৱাৰ খোলা আছে ৷ তেওঁৰ কথাৰ পৰা লাগিছে যে তেওঁ স্বইচ্ছাই আমাৰ দল যোগদান কৰিব বিচাৰিছে ৷ গতিকে আমি তেওঁক আদৰণি জনাইছো ৷"
যোগদানৰ সময় :
দলৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছ দললৈ কেতিয়া আহিব সেই সন্দৰ্ভত ক’বলৈ গৈ ভূঞাই কয়, "যিহেতু তেওঁ এটা দলত আছে, গতিকে সেই দলটোৰ পৰা পদত্যাগৰ পাচতহে কংগ্ৰেছ দলত যওগদান সন্দৰ্ভত নিশ্চিত হ’ব পৰা যাব ৷"
পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতিদ্বন্দী হিচাপে অশোক শৰ্মা :
দলটোত যোগদান কৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত অশোক শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰা হ’ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "নিৰ্বাচনলৈ বহু সময় আছে ৷ নিৰ্বাচনৰ কথা এতিয়াও ভবা নাই ৷ নিৰ্বাচন জিকিবলৈ হ’লে ৰাইজৰ সঁহাৰি লাগিব ৷ মই ভাবো যিহেতু অশোক শৰ্মা নলবাৰী বিজেপিৰ গুৰি ধৰোতা আছিল লগতে এগৰাকী সংগঠকো, গতিকে তেওঁৰ অনুগামীসকলেও তেওঁৰ প্ৰতিয়েই অৰ্থাৎ কংগ্ৰেছৰ প্ৰতিয়েই সমৰ্থন আগবঢ়াব ৷"
আনহাতে, অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান নিশ্চিত বুলি দাবী কৰি ৰাজ্যত কংগ্ৰেছ চৰকাৰ থকা সময়ত অশোক শৰ্মাই কেনেকৈ বিজেপি দলটোক ৰাইজৰ মাজলৈ নিবলৈ তথা দলটোৰ উন্নতিৰ বাবে কাম কৰিছিল সেয়া সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ৷
পাটোৱাৰীয়ে কয়, "বিজেপি দলত এতিয়া সমগ্ৰ অসমৰেই প্ৰকৃত কৰ্মীসকলক চেপি ধৰিছে একাংশ নেতাই । বিজেপি দলত এতিয়া অন্তৰেৰে ভালপোৱা নেতাৰ কোনো স্থান নাই ৷ যাৰ বাবে অশোক শৰ্মাৰ দৰে বহু নেতাই আগন্তুক সময়ত বিজেপি এৰি অইন দলত যোগদান দিব ৷ অশোক শৰ্মাৰ দৰে এজন বিজ্ঞ, জ্যেষ্ঠ ৰাজনৈতিকে যদি আমাৰ দলত যোগদানৰ সিদ্ধান্ত লৈছে তেন্তে সেয়া নিশ্চয় আদৰণীয় হ’ব ৷"
উল্লেখ্য যে, অশোক শৰ্মাৰ বিজেপি ত্যাগৰ বাতৰিৰ প্ৰকাশৰ পিচতে শনিবাৰৰ নিশা একাংশ কংগ্ৰেছ কৰ্মী উপস্থিত হয় অশোক শৰ্মাৰ বাসগৃহত । অহা 9 আগষ্টৰ পূৰ্বে অশোক শৰ্মাই বিজেপিৰ সকলো পদৰ পৰা পদত্যাগ কৰি উক্ত দিনাই কংগ্ৰেছত যোগদান কৰিব বুলি সংবাদ মাধ্যমযোগে শেহতীয়াকৈ উল্লেখ কৰিছিল ।

