ETV Bharat / bharat

উত্তৰাখণ্ডৰ তিনি চহৰত বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:00 PM IST

Uttarakhand Air Pollution : বায়ু প্ৰদূষণৰ কবলত উত্তৰাখণ্ডৰ তিনি চহৰ ৷ বায়ুৰ মানদণ্ডৰ নিম্ন মানদণ্ডসূচকে লোকসকলৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে ৷

Uttarakhand Air Pollution
উত্তৰাখণ্ডৰ তিনি চহৰত বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি
উত্তৰাখণ্ডৰ তিনি চহৰত বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী : বৰফৰ শুভ্ৰ আচ্ছাদনেৰে ঢাক খাইছে উত্তৰাখণ্ড ৷ ঠেটুঁৱৈ লগা ঠাণ্ডাই উত্তৰখণ্ডবাসীক কঁপাই তোলাৰ লগতে লোকসকলক ৰোগীয়া কৰিছে ৷ ফলত চিকিৎসকসকলে সকলো জনসাধাৰণক এই ঠাণ্ডাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ৷ ইফালে এতিয়া ভূতৰ ওপৰত দানহ পৰাদি বায়ু প্ৰদূষণে জুৰুলা কৰিছে উত্তৰাখণ্ডৰ তিনিখন চহৰ ৷

এই খবৰে এতিয়া জনসাধাৰণক বাৰুকৈয়ে শংকিত কৰি তুলিছে ৷ প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবেও জনসধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে ।

উত্তৰাখণ্ডৰ ডেৰাডুন, ঋষিকেশ আৰু কাশীপুৰত পাৰ্টীকুলেট মিটাৰ 2.5 আৰু 10-ৰ স্তৰ স্বাভাৱিকতকৈ যথেষ্ট বেছি হৈছে । ইয়াক বায়ুমণ্ডলৰ বাবে শোচনীয় অৱস্থা বুলি গণ্য কৰা হয় । এই তিনিখন চহৰত পিএম ২.৫ আৰু ১০ ৰ স্থিতি কি সেয়া জানো আহক-

ডেৰাডুনত পিএম 2.5 প্ৰায় 126 লৈ ৰেকৰ্ড হৈছে।

ডেৰাডুনত পিএম 10 প্ৰায় 237 বুলি পোৱা গৈছে

ঋষিকেশত পিএম 2.5 প্ৰায় 62 লৈ পোৱা গৈছে

ঋষিকেশত পিএম 10 প্ৰায় 110 লৈ ৰেকৰ্ড হৈছে।

কাশীপুৰত পিএম 2.5 প্ৰায় 183 লৈ চলি আছে।

কাশীপুৰ পিএম 10 প্ৰায় 114 লৈ ৰেকৰ্ড হৈছে ৷

পাৰ্টিকূলেট মীটাৰৰ পৰা বৃদ্ধি হোৱা বায়ু প্ৰদৃষণ : পাৰ্টিকূলেট মীটাৰৰ জৰিয়তে বায়ুমণ্ডলত থৰা ধূলি-বালি স্থিতি জানিব পাৰি ৷ এয়া স্পষ্ট যে বায়ুমণ্ডলত ধূলি,মাটি আৰু বৰষুণকে ধৰি আন বহুতো কণা আছে, এই কাৰণবোৰে অবিৰামভাৱে বায়ুমণ্ডলত বিচৰণ কৰি থাকে । যাৰ ফলত মানুহে স্বাস্থ্য সম্পৰ্কীয় সকলো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ।

প্ৰকৃততে, বৰষুণৰ অভাৱৰ বাবে, এই কাৰকবোৰ সমভূমিত বতাহত পৰিভ্ৰমণ কৰি ফুৰে আৰু উশাহ লোৱাৰ সময়ত মানুহৰ শৰীৰত প্ৰৱেশ কৰে। আনহাতে যদি বৰষুণ সময়মতে পৰে, তেন্তে এই সকলোবোৰ কাৰকবোৰ বৰষুণৰ সৈতে ধৰালৈ নামি আহে আৰু ই বায়ুমণ্ডলৰ প্ৰদূষণ হ্ৰাস কৰে ৷

লগতে পঢ়ক: ৰামলালা দৰ্শনৰ বাবে পুৱতি নিশাৰে ৰাম মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.