ETV Bharat / bharat

উত্তৰ প্ৰদেশত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ২৪ গৰাকী লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 3:41 PM IST

UP accident: পূৰ্ণিমা উপলক্ষে এখন ট্ৰেক্টৰ ট্ৰলীৰে গংগাত পবিত্ৰ স্নানৰ বাবে গৈ আছিল প্ৰায় ৪০ গৰাকী লোক । ট্ৰেক্টৰ ট্ৰলীখন নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে । দুৰ্ঘটনাটোত ১৩ গৰাকী মহিলা, ৮ টা শিশু আৰু এজন পুৰুষৰ মৃত্যু হয় ।

UP accident
উত্তৰ প্ৰদেশত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ২৪ গৰাকী লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ কাচগঞ্জত শোকাৱহ ঘটনা । মাঘী পূৰ্ণিমা উপলক্ষে গংগাত পবিত্ৰ স্নান কৰিবলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত এখন ট্ৰেক্টৰ ট্ৰলী । নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰী ভৰ্তি ট্ৰেক্টৰ ট্ৰলীখন পুখুৰীত বাগৰি পৰে । ফলস্বৰূপে এতিয়ালৈ ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাটোত ১৩ গৰাকী মহিলা, ৮ টা শিশু আৰু এজন পুৰুষসহ ২৪ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । একাংশ লোকে সাঁতুৰি জীৱন ৰক্ষা কৰে আৰু পিচত তেওঁলোকে পথচাৰীসকলৰ পৰা সহায় বিচাৰে । লগে লগে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় ।

দুৰ্ঘটনাটোৰ পিচতে সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে । আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সৈতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে ট্ৰলীখনত ৩৫ ৰ পৰা ৪০ গৰাকী লোক আছিল ।

জানিব পৰা মতে কাচগঞ্জ জিলাৰ পাটিয়ালি কোতৱালী অঞ্চলৰ দৰিয়াওগঞ্জ পাটিয়ালি পথৰ সমীপৰ গড়ৈয়া গাঁৱত সংঘটিত হৈছিল । জয়থৰা আৰক্ষী থানাৰ অন্তৰ্গত চোটে কাচ গাঁৱৰ লোকসকলে পূৰ্ণিমা উপলক্ষে গংগাত স্নান কৰাৰ উদ্দেশ্যে কাদাৰগঞ্জ গংগা ঘাটলৈ গৈ আছিল ।

প্ৰত্যক্ষদৰ্শীৰ মতে এখন বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পূৰ্বে ট্ৰেক্টৰ ট্ৰলীখন অনিয়ন্ত্ৰিতভাৱে পুখুৰীত বাগৰি পৰে । প্ৰশাসনে জনোৱা মতে চৰকাৰে দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । এই ঘটনাক লৈ সমগ্ৰ উত্তৰ প্ৰদেশতে শোকৰ ছাঁ পৰিছে । ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্যৰ প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক :কাৰ ভুলৰ বাবে উত্তৰ প্ৰদেশত কৰ্মৰত অৱস্থাত নিহত অসমৰ জোৱান কমল যোশী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.