ETV Bharat / bharat

ৰাম লালাক ৮০ কিলোগ্ৰাম ওজনৰ বিশেষ তৰোৱাল উপহাৰ মহাৰাষ্ট্ৰৰ ভক্তৰ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 2:10 PM IST

Gifts for Ram Lalla : দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাম লালালৈ উপহাৰ অহা দেখা গৈছে । মহাৰাষ্ট্ৰৰ এগৰাকী ভক্তই ৰাম লালাক দিলে ৮০ কিলোগ্ৰাম ওজনৰ তৰোৱাল । তৰোৱালখন ৭ ফুট ৩ ইঞ্চি দীঘল । তৰোৱালখনত হিন্দু দেৱতা বিষ্ণুৰ দশাৱতাৰ উল্লেখ কৰা হৈছে ।

Gifts for Ram Lalla
ৰাম লালাক ৮০ কিলোগ্ৰাম ওজনৰ বিশেষ তৰোৱাল উপহাৰ মহাৰাষ্ট্ৰৰ ভক্তৰ

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী : অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰাম লালালৈ বহু উপহাৰৰ টোপোলা অহা দেখা গৈছে । শেহতীয়া মহাৰাষ্ট্ৰৰ ভক্তৰ পৰা ৰাম লালালৈ আহিল এক বিশেষ উপহাৰ । মহাৰাষ্ট্ৰৰ এগৰাকী ভক্তই ৰাম লালাক ৮০ কিলোগ্ৰাম ওজনৰ এখন বিশাল তৰোৱাল উপহাৰ দিছে । তৰোৱালখন ৭ ফুট ৩ ইঞ্চি দীঘল বুলি জানিব পৰা গৈছে ।

অযোধ্যালৈ তৰোৱালখন লৈ অহা এগৰাকী ভক্তই সংবাদ মাধ্যমক কয় যে তেওঁ মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পৰা আহিছে আৰু তেওঁ ঐতিহাসিক অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰাহক । তেওঁ বহু স্থানত তেওঁৰ অস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে । আজি তেওঁ ভগৱান বিষ্ণুৰ তৰোৱালৰ (খড়ক) দৰে এখন তৰোৱাল ভগৱান ৰামক উপহাৰ দিছে ।

তেওঁ লগতে কয় যে এই খড়ক তৰোৱাল ভগৱান বিষ্ণু নাৰায়ণৰ প্ৰতি সমৰ্পণেৰে নিৰ্মাণ কৰা হৈছে আৰু তেওঁৰ সকলো 'দশাৱতাৰ' ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । তৰোৱালৰ ফলকটো তীখাৰে তৈয়াৰ কৰা হৈছে আৰু হেণ্ডেলটো পিতলেৰে নিৰ্মাণ কৰা হৈছে । তেওঁ জনোৱা মতে তাৰ ওপৰত সোণৰ প্ৰলেপ আছে ।

হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰবোৰে মানৱ বিৱৰ্তনক গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ভগৱান বিষ্ণুৱে মাজে মাজে পৃথিৱীত অশুভ শক্তি নিৰ্মূল কৰিবলৈ, ধৰ্ম পুনৰুদ্ধাৰ কৰিবলৈ আৰু যোগ্য লোক বা ভক্তসকলক জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰিবলৈ অৱতৰণ কৰিছিল ।

ইফালে অযোধ্যাত ৰাম মন্দিৰ দৰ্শনৰ বাবে প্ৰতিদিনে লাখ লাখ ভক্তৰ আগমন হোৱা দেখা গৈছে । ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ মাজতো সকলো বয়সৰ ভক্তই অযোধ্যাৰ ৰাজপথত জয় শ্ৰী ৰাম ধ্বনিৰে ভিৰ কৰা দেখা গৈছে ।

ৰাম লালাৰ অভিষেকৰ পিচৰে পৰা অযোধ্যা তীৰ্থযাত্ৰীসকলৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছে । প্ৰাণ প্ৰতিষ্ঠাৰ পিচত প্ৰথম দিনাই ৫ লাখতকৈও অধিক লোকে দৰ্শনৰ সুযোগ লাভ কৰিছিল । দ্বিতীয় দিনাও একেই ভিৰ দেখা গৈছিল ।

লগতে পঢ়ক :মাদুৰাইত বিশ্বৰ প্ৰথম জাল্লিকাট্টু মূৰ্তি উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.