ETV Bharat / bharat

বৈষ্ণো দেৱী পথৰ ভূমিস্খলনত নিহত একেটা পৰিয়ালৰ ৬ জন

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক । এই যাত্ৰাত প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে সাধাৰণ জনতাই প্ৰাণ হেৰুওৱাৰ অভিযোগ ।

6 members of a family from Keshav Nagar Delhi died in Vaishno Devi landslide
বৈষ্ণো দেৱী পথৰ ভূমিস্খলনত নিহত একেটা পৰিয়ালৰ ৬ জনৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 12:36 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : বৈষ্ণো দেৱীত হোৱা ভূমিস্খলনত বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ৩৫ গৰাকী লোকে । বহু পৰিয়ালে হেৰুৱালে আপোনজনক, আন বহুজনৰ পৰিয়ালৰ নাথাকিল এজনো প্ৰাণী । একেদৰে দিল্লীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকে প্ৰাণ হেৰুৱালে এই ঘটনাত ।

বুৰাড়ীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকৰ হৃদয় বিদাৰক মৃত্যু । ঘটনাৰ পিছতে উদ্ধাৰ কৰা মৃতদেহবোৰ স্ব-গৃহলৈ অনা হয় আৰু অন্তিম সংস্কাৰ কৰা হয় । কান্দোনত ভাঙি পৰিছে আত্মীয়-স্বজন । প্ৰীড়িতৰ পৰিয়ালে বিচাৰিছে ন্যায় ।

প্ৰীড়িতৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি বৈষ্ণো দেৱীত প্ৰশাসনৰ তৰফৰ পৰা কোনো গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল । ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ পাছতো মন্দিৰলৈ যাবলৈ ৰাস্তা খুলি দিছিল । কেশৱ নগৰ কলনীৰ এই পৰিয়ালটো তথা তেওঁলোকৰ আত্মীয়ৰ-স্বজনৰ ১৬ জন লোকে মাতা বৈষ্ণো দেৱী দৰ্শনৰ বাবে গৈছিল আৰু ভূমিস্খলনৰ সময়ত ইয়াৰে এটা পৰিয়ালৰে চাৰিজন আৰু আত্মীয়ৰ দুজন মুঠ ৬ জনে শোকাৱহভাৱে মৃত্যুক সাবটে । তেওঁলোকৰ দুটি শিশু বৰ্তমানো চিকিৎসালয়ত ভৰ্তি হৈ আছে, তাৰে এটি শিশুৱে আইচিইউত জীৱন মৃত্য়ুৰ সৈতে যুঁজ দি আছে ।

এই পৰিয়ালটো বুৰাড়ী অঞ্চলৰ অন্তৰ্গত কেশৱ নগৰৰ বাসিন্দা । পৰিয়ালটোৰ ৪৫ বছৰীয়া অজয় তেওঁৰ ভাতৃ ৩৪ বছৰীয়া ৰাজা, ৰাজাৰ পত্নী পিংকি আৰু ১২ বছৰীয়া কন্যা দীপাঞ্চী এই ঘটনাৰ চিকাৰ হয় । তেওঁলোকৰ লগত যোৱা গাজিয়াবাদৰ ১৭ বছৰীয়া তানিয়া আৰু ২৩ বছৰীয়া পুকাৰো এই ঘটনাত প্ৰাণ হেৰুৱায় । বৰ্তমান এই ঘৰখনত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে এটি কণমানি শিশুহে জীৱিত অৱস্থাত আছে ।

লগতে পঢ়ক: বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলন: ৩০ জনৰ মৃত্যু, বহু লোক আবদ্ধ - VAISHNO DEVI SHRINE LANDSLIDE

জুলাই মাহত মানৱ অধিকাৰ উলংঘাৰ ৮৯১২ টাতকৈও অধিক গোচৰ লাভ NHRC ৰ - HUMAN RIGHTS VIOLATIONS