ETV Bharat / bharat

দিল্লীলৈ যাব নেকি ? আগতীয়াকৈ খবৰ লৈহে টিকট কাটক, 15 জুনৰ পৰা নচলে 114 খন বিমান

15 জুনৰ পৰা বিমান বন্দৰটোত দৈনিক চলাচল কৰা বিমানৰ সংখ্যা প্ৰায় 7.5 শতাংশ হ্ৰাস পাব ৷

Representational Image
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By PTI

Published : June 7, 2025 at 9:30 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: এখন দুখন নহয়, সম্পূৰ্ণ 114 খন দৈনিক বিমান আগন্তুক 15 জুনৰ পৰা দিল্লীৰ বিমান বন্দৰত অৱতৰণো কৰিব নোৱাৰিব আৰু উৰিবও নোৱাৰিব ৷ 15 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ আগন্তুক তিনি মাহৰ বাবে দিল্লী বিমান বন্দৰে এই 114 খন বিমান বাতিল কৰিছে ৷

আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰিছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষই ৷ অৱশ্যে কোনো সন্ত্ৰাসবাদীৰ ভাবুকি বা তেনে কোনো কাৰণত এই 114 খন বিমান বাতিল কৰা হোৱা নাই ৷ কাৰিকৰী কাৰণতহে বাতিল কৰা হৈছে বিমানকেইখন ৷ কাৰণটো হ'ল- দিল্লী বিমান বন্দৰৰ ৰাণৱেৰ মেৰামতিৰ বাবে এই বৃহৎসংখ্য়ক বিমানৰ চলাচল আগন্তুক তিনিমাহৰ বাবে বাতিল কৰা হৈছে ৷

দেশৰ আটাইতকৈ ব্যস্ত এই আন্তৰ্জাতিক বিমান বন্দৰটোত কুঁৱলীৰ সময়ত বিমানৰ উৰণ-অৱতৰণত সাংঘাতিক অসুবিধা হৈ অহাটো কোনো নতুন কথা নহয় ৷ সেয়েহে বিমান বন্দৰটোৰ ইনষ্ট্ৰুমেণ্ট লেণ্ডিং ছিষ্টেম (ILS)উন্নীতকৰণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল যোৱা মে' মাহতে ৷ সেই সিদ্ধান্তৰে এতিয়া কাৰ্যকৰী ৰূপ দিয়া হ'ব ৷

ইয়াৰ ফলত 15 জুনৰ পৰা 15 ছেপ্টেম্বৰলৈকে বিমান বন্দৰটোত দৈনিক চলাচল কৰা বিমানৰ সংখ্যা প্ৰায় 7.5 শতাংশ হ্ৰাস পাব বুলি বিমান বন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে ৷ মন কৰিবলগীয়া যে দিল্লীৰ এই ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত প্ৰতিদিনে 1,450 খন বিমানে উৰণ-অৱতৰণ কৰে ৷ বিমান বন্দৰটোৰ তিনিটা টাৰ্মিনেলৰ ভিতৰত দুটা টাৰ্মিনেলহে বৰ্তমান ব্যৱহাৰ কৰি থকা হৈছে ৷

দিল্লী আন্তৰ্জাতিক বিমান বন্দৰ লিমিটেড (DIAL)ৰ মুখ্য কাৰ্যবাহী বিষয়া বিদেহ কুমাৰ জয়পুৰিয়াৰে শুক্ৰবাৰে কয় যে বিমান বন্দৰটোৰ 10/28 ৰানৱেটো 15 জুনৰ পৰা মেৰামতিৰ বাবে তিনিমাহলৈ বন্ধ কৰি দিয়া হ'ব ৷ তেওঁ কয়- "বিশেষকৈ কুঁৱলীৰ সময়ত এই ৰাণৱেটোত ভীষণ অসুবিধা হৈ আহিছে ৷ গতিকে ৰানৱেটো উন্নীতকৰণৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে ৷"

অৱশ্যে এই তিনিমাহৰ বাবে কোনকেইখন দৈনিক বিমানৰ চলাচল বাতিল হ'ব সেয়া আগতীয়াকৈ যাত্ৰীক জনাই দিয়া হ'ব বুলি তেওঁ কয় ৷ লগতে তেওঁ কয় যে বাতিল কৰা বিমানৰ সংখ্যা যদিওবা 114 খন কিন্তু ইয়াৰ ফলত আৰু 86 খন বিমানো প্ৰভাৱাম্বিত হ'ব ৷ কিয়নো 86 খন বিমানৰ উৰণ-অৱতৰণৰ সূচীও ইয়াৰ ফলত সালসলনি কৰিবলগীয়া হ'ব ৷

লগতে পঢ়ক: হাৰকিউলিছ আৰু নেডৰ সৈতে পৰিচয় হওঁ আহক