ETV Bharat / international

হাৰকিউলিছ আৰু নেডৰ সৈতে পৰিচয় হওঁ আহক

পাহাৰৰ ওপৰত অৱস্থিত এই বিমানবন্দৰটো হাঁহ, শগুণ, বিভিন্ন চৰাই, বাদুলি আদিৰ বাসস্থান । সিহঁতৰ ওপৰত শেনচকু ৰাখে নেড আৰু হাৰকিউলিছে ৷

DOGS AT US AIRPORT
হাৰকিউলিছ আৰু নেড (AP Photo)
author img

By ETV Bharat Assamese Team

Published : May 26, 2025 at 12:04 PM IST

7 Min Read
Choose ETV Bharat

চাৰ্লছটন (পশ্চিম ভাৰ্জিনিয়া): পশ্চিম ভাৰ্জিনিয়াৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত হাৰকিউলিছ আৰু নেডৰ এটা বৃহৎ কাৰ্যালয় আছে । ইয়াৰ পৰিচালকসকলে দৈনিক মাইলৰ পিছত মাইল আকাশমাৰ্গত টহল দিয়ে ৷ যাতে চৰাই আৰু অন্যান্য পশু-পক্ষীবোৰ বিমানৰ পৰা আঁতৰত থাকে আৰু ইয়াৰ দ্বাৰা যাত্ৰী আৰু ক্ৰুসকলক সুৰক্ষিত কৰিব পৰা যায় ৷

হাৰকিউলিছ এটা মুখ্য দূত, যিয়ে টাৰ্মিনেলৰ ভিতৰত থকা যাত্ৰীসকলৰ পৰা মৰম-আদৰ লাভ কৰাৰ লগতে পশ্চিম ভাৰ্জিনিয়া আন্তঃৰাষ্ট্ৰীয় ইয়েগাৰ বিমানবন্দৰত উৰাজাহাজত উঠিবলৈ চিন্তাক্লিষ্ট হৈ থকা একাংশ যাত্ৰীক শান্ত কৰে ।

হাৰকিউলিছৰ পৰিচালক তথা বিমানবন্দৰৰ বন্যপ্ৰাণী বিশেষজ্ঞ ক্ৰীছ কেইজাৰে কয় ‘‘চৰাই এটাক বিমানত খুন্দা মৰাৰ পৰা ৰক্ষা কৰিব পাৰিলে কাৰোবাৰ জীৱনত বৃহৎ পাৰ্থক্য আহিব পাৰে ।’’

DOGS AT US AIRPORT
ব্যস্ত বিমানবন্দৰত বন্যপ্ৰাণীক প্ৰতিহত কৰা বিশেষজ্ঞ কুকুৰ (AP Photo)

প্ৰতিবেদনৰ আৰম্ভণিতে উল্লেখ কৰি অহা হাৰকিউলিছ আৰু নেড আন কোনো নহয়, ই হৈছে দুটা কুকুৰৰ নাম ৷

কেনেকৈ আৰম্ভ হ’ল

বিমানবন্দৰত বন্যপ্ৰাণী আৰু বিমানৰ মাজত সংঘৰ্ষ হোৱাটো সাধাৰণ কথা । সেই কথা মনত ৰাখিয়েই ২০১৮ চনত য়েগাৰ মেনেজমেণ্টে বন্যপ্ৰাণী জীৱবিজ্ঞানীৰ পৰামৰ্শ মতে হাৰকিউলিছক ক্ৰয় কৰিছিল ।

হাৰকিউলিছে জীৱনৰ প্ৰথম ১৮ টা মাহ উত্তৰ কেৰ’লিনাৰ চাৰ্লটস্থিত ফ্লাইৱে গীজত নিজৰ জন্মস্থানৰ আশে-পাশে হাঁহ আৰু ভেড়া চৰোৱাৰ প্ৰশিক্ষণ লৈছিল ৷ ই ফ্লাইৱে গীজ নামৰ এটা সংস্থাৰ দ্বাৰা পৰিচালিত, যিয়ে বৰ্ডাৰ কলিত প্ৰজনন কৰা চৰাইক প্ৰশিক্ষণ দিয়ে যাতে তেওঁলোকে ব্যৱসায়ীসকলক বন্যপ্ৰাণীৰ সমস্যা সমাধানত সহায় কৰিব পাৰে ।

হাৰকিউলিছক প্ৰথমবাৰৰ বাবে চাৰ্লছটনৰ বিমানবন্দৰলৈ লৈ অনাৰ সন্দৰ্ভত ফ্লাইৱে গীজৰ স্বত্বাধিকাৰী ৰেবেকা গিবছনে কয় “মই মোৰ উশাহ বন্ধ কৰি ৰাখিছিলো । কিন্তু সি যুঁজি যুঁজি দায়িত্বৰ বাঘজৰী চম্ভালি ল'লে । এয়া তাৰ স্থান আছিল । সি এটা আচৰিত কাম কৰিছে আৰু তাৰ বাবেই সকলোতকৈ পৃথক কুকুৰ হিচাপে বিবেচিত হৈছে ৷ আমি তাক লৈ গৌৰৱান্বিত ।’’

DOGS AT US AIRPORT
বিশেষজ্ঞ হাৰকিউলিছ সদায় সক্ৰিয় (AP Photo)

এনেদৰেই এটা চেলিব্ৰিটী কুকুৰত পৰিণত হৈ পৰে হাৰকিউলিছ ৷ যাৰ নিজা ইনষ্টাগ্ৰাম আৰু টিকটক একাউণ্ট আছে আৰু যিয়ে নিয়মীয়াকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অতিথি হিচাপে উপস্থিত থাকে ৷ সম্প্ৰতি ৮ বছৰীয়া হাৰকিউলিছে পূৰ্বৰ দৰে সহায় কৰিব নোৱাৰে ৷

আনহাতে, হাৰকিউলিছৰ সংগী নেডৰ বয়স বিগত বৰ্ষত আছিল দুবছৰ ৷ নেডকো বিমানবন্দৰৰ দায়িত্বত নিয়োগ কৰাৰ পূৰ্বে ছাগলী আৰু হাঁহ চৰোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷

নেডে হাৰকিউলিছক অনুসৰণ কৰে ৷ তদুপৰি কেইজাৰৰ নিৰ্দেশ অনুসৰণ কৰাৰ লগতে ৰাণৱেত নাযাবলৈ তথা ল’বলগীয়া সুৰক্ষামূলক বিষয়সমূহ এতিয়া লাহে লাহে শিকি উঠিছে ।

“নেড যাবলৈ সাজু হৈছে ৷ সি সকলো শিকিছে । চৰাই খেদি খেদি বৰ ভাল কাম কৰি আছে" বুলি কেইজাৰে কয় ৷

লগতে কয় ‘‘বিমানবন্দৰৰ অপাৰেশ্যন চেণ্টাৰৰ ভিতৰত হাৰকিউলিছে কামৰ সময় হৈছে বুলি কোৱালৈকে শিথিল হৈ থাকে, প্ৰত্যাশাত দুৱাৰত ভুকুৱাই থাকে । আনহাতে, নেডে সদায় চলা-ফুৰা কৰি থাকে । যেতিয়া সি বাহিৰত নাথাকে, তেতিয়া নিজৰ নীলা বাউন্সি বলটো তাৰ সৈতে খেলিব বিচৰা যিকোনো ব্যক্তিৰ কাষলৈ লৈ যায় ৷’’

DOGS AT US AIRPORT
বিমানযাত্ৰীৰ চিন্তা-অৱসাদ দূৰ কৰিবলৈ এনেকৈয়ে যাত্ৰীৰে ওমলে হাৰকিউলিছ আৰু নেডে (AP Photo)

পাহাৰৰ ওপৰত এখন চিৰিয়াখানা

চাৰ্লছটনৰ বিমানবন্দৰটো এটা পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াত কানাডাৰ হাঁহ, বাজ, অন্যান্য প্ৰজাতিৰ হাঁহ, নানাবিধ চৰাই আৰু বাদুলিকে ধৰি বহুকেইবিধ বন্যপ্ৰাণী আছে । বৰষুণৰ পিছত পোক-পৰুৱাবোৰ উপৰিভাগলৈ আহে ৷ ফলত চৰাইৰ কাৰ্যকলাপ বৃদ্ধি হয় বুলি কেইজাৰে কয় । যাৰ বাবে কুকুৰবোৰক নিয়মীয়া ভ্ৰমণলৈ নিয়াৰ উপৰিও কেইজাৰে বিমানবন্দৰৰ টাৱাৰৰ সৈতে অহৰহ সংস্পৰ্শত থাকে, যিয়ে ৰাণৱেত থকা চৰাই বা তেনেই ওচৰতে বন্যপ্ৰাণী দেখাৰ পিছত বিমানে প্ৰেৰণ কৰা সংকেত গ্ৰহণ কৰে ৷

কেইজাৰে কয় ‘‘আমি প্ৰচুৰ অনুশীলন পাওঁ । এই কামত আপোনাৰ ওজন বৃদ্ধি নহয় । গোটেই দিনটোৰ কাম । আমাৰ চকু সদায় খেলপথাৰত থাকে, ৰেডিঅ' শুনাৰ দৰে কাণ মেল খাই থাকে ।’’

বৰ্ডাৰ কলি কুকুৰৰ অন্যতম শক্তিশালী জাত । দশক দশক ধৰি কানাডাৰ হাঁহক গ’লফ খেলপথাৰৰ পৰা আঁতৰাবলৈ ইয়াক ব্যৱহাৰ কৰা হৈ অহা হৈছে । আন আন বিমানবন্দৰ, সামৰিক ঘাটিতো চৰাইক ভয় খুওৱাত সফল হৈছে এইজাতৰ কুকুৰ ৷

কিন্তু কুকুৰবোৰৰৰ প্ৰবৃত্তি হত্যা কৰা নহয় । গিবছনে কয় যে চৰাইটোৰ মনত ইহঁত কয়’ট বা শিয়ালৰ পৰা পৃথক নহয়, যিটো চৰাইটোৰ বাবে স্বাভাৱিক শিক্ষা ।

চৰাইৰ খুন্দাৰ ফলত পলম

ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ তথ্য অনুসৰি, ২০২৩ চনত আমেৰিকাৰ বিমানবন্দৰত বিমান আৰু বন্যপ্ৰাণীৰ সৈতে জড়িত প্ৰায় ১৯,০০০ টা ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰে ৯৫% চৰাইৰ সৈতে জড়িত ঘটনা আছিল ।

১৯৮৮ চনৰ পৰা ২০২৩ চনলৈকে আমেৰিকাত বন্যপ্ৰাণীৰ সংঘৰ্ষত ৭৬ জন লোকৰ মৃত্যু হয় আৰু ১২৬ খন বিমান ধ্বংস হয় ।

কোনো বিমানত চৰাইয়ে খুন্দা মৰাৰ সম্ভৱতঃ আটাইতকৈ বিখ্যাত ঘটনাটো ২০০৯ চনৰ জানুৱাৰী মাহত সংঘটিত হৈছিল ৷ নিউয়ৰ্কৰ লাগাৰ্ডিয়া বিমানবন্দৰৰ পৰা অহা এখন বিমানে কানাডাৰ এটা হাঁহৰ জাকত খুন্দা মৰাৰ লগে লগে বিমানখনৰ দুয়োটা ইঞ্জিন নক আউট হৈছিল । পাইলট চেছলি ছালি ছালেনবাৰ্গাৰে মুহূৰ্ততে শক্তিহীন হৈ পৰা জেট বিমানখনক হাডছন নদীৰ দিশে নিয়ে । ২০১৬ চনৰ টম হেংকছে অভিনয় কৰা “ছালি” ছবিখনত বন্দী হৈছিল এই কাণ্ড ৷ অৱশ্যে পাইলটৰ তৎপৰতাত বিমানখনত থকা ১৫৫ জন লোকৰ আটাইকেইজনেই ৰক্ষা পৰিছিল ৷

চাৰ্লছটন বিমানবন্দৰত প্ৰতি বছৰে বহুকেইটা এনে ঘটনা সংঘটিত হয় ৷ কেইজাৰে কয়, ‘‘যিকোনো বিমানে চৰাইক খুন্দা মৰাৰ পিছত ইয়াক পৰিদৰ্শন কৰিব লাগে ৷ যাৰ ফলত বিমানৰ উৰণত পলম হয় ৷ গতিকে সকলো কাম সূচাৰুৰূপে চলি থকাটো সমানেই গুৰুত্বপূৰ্ণ ।’’

কেৱল ২০২২ চনতে বিমানবন্দৰত বাদুলিৰ সৈতে ৫ টাকৈ এনে দুৰ্ঘটনা সংঘটিত হৈছিল । ২০০০ চনৰ ডিচেম্বৰ মাহত এখন বিমান অৱতৰণ কৰাৰ পিছত দুটা হৰিণৰ সৈতে সংঘৰ্ষ ঘটে ।

এফ এ এৰ মতে, সোঁ-ইঞ্জিনৰ প্ৰপেলাৰ ব্লেডৰ ডগাটো পৃথক হৈ বিমানখনৰ ফিউজেজত পাংচাৰ হোৱাত এজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

এক আৰামদায়ক পাখি

টাৰ্মিনেলৰ ভিতৰত হাৰকিউলিছে যাত্ৰীক সম্ভাষণ জনাই ঘূৰি ফুৰোতে ঠেংখন জোকাৰি দিয়ে । ইয়াৰ ভিতৰত আছিল পশ্চিম ভাৰ্জিনিয়াৰ স্কট ডিপোৰ বাসিন্দা জেনেট স্প্ৰি, যিয়ে ছান এণ্টনিঅ’ত নিজৰ কন্যা আৰু নাতি-নাতিনীক লগ কৰিবলৈ বিমানত উঠিবলৈ অপেক্ষা কৰি আছিল । স্প্ৰিক অলপ উল্লাসিত কৰাৰ প্ৰয়োজন আছিল । কাৰণ উৰণৰ প্ৰতি থকা ভয়ৰ উপৰিও স্প্ৰিৰ ১৫ বছৰীয়া মেকুৰীটোক অস্ত্ৰোপচাৰ কৰিব নোৱৰা অৱস্থা ধৰা পৰাৰ পিছত তেওঁ উদাসীন হৈ আছিল ৷

হাৰকিউলিছৰ পৰা অহা এটা আকস্মিক সম্ভাষণে স্প্ৰিৰ ওঁঁঠত হাঁহি বিৰিঙাই তুলিছিল ৷ হাৰকিউলিছে স্প্ৰিৰ বাহুত এটা পাখি ৰাখে ৷ স্প্ৰিয়ে কয়, “ইয়ে মোৰ দিনটো ভাল কৰি তুলিছে । বিমানবন্দৰে হাৰকিউলিছক আৰু অলপ সময় মোৰ লগত থাকিবলৈ দিব বিচাৰিব পাৰে নেকি’’ বুলিও তেওঁ ধেমালি কৰে । স্প্ৰিয়ে কয়, ‘‘মই ভাবো মোৰ কাষতে বিমানখনত এখন খালী আসন আছিল ।’’

লগতে পঢ়ক: বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ চিন্তা: প্ৰকৃতিৰ সৈতে সমিলমিলেৰে জীয়াই থাকো আহক