ETV Bharat / bharat

ভুৱা পৰিচয় পত্ৰৰে গৃহ মন্ত্ৰালয়ত অনধিকাৰ প্ৰৱেশৰ চেষ্টা; এজনক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:20 PM IST

Trying To Trespass in MoHA : গৃহ মন্ত্ৰালয়ত অনধিকাৰ প্ৰৱেশৰ চেষ্টা এজনৰ ৷ অভিযুক্তটো আদিত্য প্ৰতাপ সিং বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰি আছে । কিন্তু অনধিকাৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো সন্ত্ৰাসবাদী দৃষ্টিকোণ আৰক্ষীয়ে বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে ।

Trying To Trespass in MoHA
গৃহ মন্ত্ৰালয়ত অনধিকাৰ প্ৰৱেশৰ চেষ্টাত আটক ১

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ পিচত এইবাৰ গৃহ মন্ত্ৰালয়ত অনধিকাৰ প্ৰৱেশৰ চেষ্টা । লোকসভাত দুই যুৱকে প্ৰৱেশ কৰি দৰ্শকৰ গেলাৰীৰ পৰা সংসদৰ মজিয়াত জঁপিয়াই পৰি ত্ৰাসৰ সৃষ্টি কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ গৃহ মন্ত্ৰালয়ত এই ঘটনা সংঘটিত হৈছে । দিল্লী আৰক্ষীয়ে নৰ্থ ব্লকৰ গৃহ মন্ত্ৰালয়ত ভুৱা পৰিচয় পত্ৰৰে প্ৰৱেশৰ চেষ্টা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে ।

অভিযুক্তক আদিত্য প্ৰতাপ সিং বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰি আছে । কিন্তু অনধিকাৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো সন্ত্ৰাসবাদী দৃষ্টিকোণ আৰক্ষীয়ে বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে । অনুমান কৰা হৈছে যে কোনো প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে ব্যক্তিগৰাকীয়ে এই কাৰ্য সংঘটিত কৰিছে ।

দুটৱা পথ আৰক্ষী থানাৰ আৰক্ষীৰ উপৰি দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ দল ইয়াৰ তদন্তত নামি পৰিছে আৰু আদিত্য প্ৰতাপ সিঙক জেৰা কৰি আছে । লগতে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ বিষয়ে বিষদ তথ্য জানিবলৈ চেষ্টা কৰি আছে ।

উল্লেখযোগ্য যে বিগত বছৰৰ ১৩ ডিচেম্বৰত দুজন যুৱকে সংসদৰ লোকসভাৰ দৰ্শকৰ গেলাৰীত প্ৰৱেশ কৰি সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰিছিল । যুৱক দুজনে দৰ্শকৰ গেলাৰীৰ পৰা লোকসভাৰ মজিয়াত জঁপিয়াই পৰি চৰকাৰ বিৰোধী শ্ল’গান দিবলৈ আৰম্ভ কৰে । লগতে ইখন মেজৰ পৰা সিখন মেজলৈ জঁপিয়াই লোকসভাৰ মজিয়াত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে ।

আনহাতে, জোতাৰ ভিতৰত লুকুৱাই অনা ৰং বোমা নিক্ষেপ কৰি লোকসভাৰ মজিয়াত হালধীয়া ৰং বিয়পাই দিয়ে । অৱশেষত উপস্থিত সাংসদকসকলে তেওঁলোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অনুৰূপ ধৰণৰ ঘটনা সংসদ চৌহদতো সংঘটিত হয় । তাতো এগৰাকী যুৱতীসহ দুজন প্ৰতিবাদকাৰীয়ে ৰং বোমাৰে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকক আটক কৰাৰ পিছত চাৰিওজনকে গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :কুৱেইটৰ পৰা মুম্বাইলৈ অহা নাৱত ৩ সন্দেহযুক্ত ব্যক্তিক আটক মুম্বাই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.