মাইক্ৰ'ফাইনান্সৰ ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ
Published : Nov 17, 2023, 4:03 PM IST
বৰপেটা,১৭ নৱেম্বৰ:বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অসম মাইক্ৰ'ফাইনান্সৰ উদগনি আৰু সকাহ আঁচনিৰ অধীনত বৰপেটা জিলাত ঋণমুক্ত প্ৰমাণ-পত্ৰ লাভ নকৰা মাইক্ৰ'ফাইনান্সৰ ঋণগ্ৰস্ত মহিলাৰ প্ৰতিবাদ ৷ মাইক্ৰ'ফাইনান্সৰ ঋণমুক্তিৰ দাবীত বৰপেটা চহৰৰ মাজেৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল প্ৰতিবাদকাৰীৰ ৷ ২০২১ চনৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱা সকলো মহিলাৰ ঋণ অতি সোনকালে ৰেহাই দিয়া আৰু সকলো মহিলাকে No Dues Certificate প্ৰদানৰ দাবীত বৰপেটা কপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিচতো প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ ঋণগ্ৰস্ত মহিলাসকললৈ আদালতৰ পৰা চমন জাৰি কৰাটো বন্ধ কৰিবলৈকো দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । আনহাতে মাইক্র'ফাইনেন্স কোম্পানীসমূহে নীতি-বহিঃভূৰ্তভাৱে ঋণ দিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈকো দাবী প্ৰতিবাদকাৰী কৃষক মুক্তিৰ ।