অসম

assam

Mid day meal workers protest: ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:18 PM IST

ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া

ৰঙিয়া,১ নৱেম্বৰ: ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ । কেইবাটাও দাবী লৈ ৰঙিয়াৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও শতাধিক ৰন্ধন কর্মীৰ । হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰঙিয়াৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় । সমস্ত বকেয়া মাননি শীঘ্রে আদায় দিয়ক, প্রতিমাহৰ মাননী পৰৱৰ্তী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আদায় দিয়াটো নিশ্চিত কৰক, ন্যূনতম মজুৰি আইনৰ ভিত্তিত ১০ হাজাৰ টকা মাহিলি মাননী নিৰ্ধাৰণ কৰক, কাম হেৰুৱা বন্ধন কর্মীক এককালীনভাৱে ৩ লাখ টকা সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।  

ইয়াৰোপৰি কর্মস্থলীত আঘাতপ্রাপ্ত ৰন্ধন কর্মীক চিকিৎসা সাহায্য প্রদান কৰক, বছৰৰ ১২ মাহৰ বাবেই মাননী প্ৰদান কৰক, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ প্ৰচেষ্টা বন্ধ কৰক আদি শ্ল'গানেৰে ৰঙিয়াৰ আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী মহিলাসকলে । লগতে প্ৰতিবাদকাৰী মহিলাসকলে কটু বাক্যৰে চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হয় । যদিহে কম দিনৰ ভিতৰত মহিলা ৰন্ধন কৰ্মীসকলৰ দাবীসমূহ পূৰণ নকৰে চৰকাৰে অনাগত দিনত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়াৰ লগতে সমাগত লোকসভা নিৰ্বাচনত নিজৰ ভোট বৰ্জন কৰাৰ কথাও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক:Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত অচল সৰ্বশিক্ষা কাৰ্যালয়ৰ কাম-কাজ

ABOUT THE AUTHOR

...view details