অসম

assam

APSC পৰীক্ষাৰ দ্বাদশ স্থানত দেৱশ্ৰী ভাৰ্গৱ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:05 PM IST

APSC পৰীক্ষাৰ দ্বাদশ স্থানত দেৱশ্ৰী ভাৰ্গৱ

গুৱাহাটী, 17 জানুৱাৰী: ‘‘ময়ো সাধাৰণ ছোৱালীয়েই ৷ মই সাংঘাতিক মেধাৱী ছাত্ৰী নহয় ৷ মই পাৰিছো যেতিয়া তোমালোকেও পাৰিবা ৷’’ এই উৎসাহজনক মন্তব্য বুধবাৰে ঘোষিত APSC পৰীক্ষাৰ ফলাফলত দ্বাদশ স্থানপ্ৰাপক দেৱশ্ৰী ভাৰ্গৱৰ ৷

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ ফলাফলত দ্বাদশ স্থান অধিকাৰ কৰিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ভুৱনেশ্বৰ ডেকা আৰু শিক্ষয়িত্ৰী বীণাপাণি বৰ্মনৰ কন্যা দেৱশ্ৰী ভাৰ্গৱে ।

মেধাৱী ছাত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকল এনেধৰণৰ পৰীক্ষাৰ বাবে ওলাই অহাৰ আহ্বান জনাই কয় যে যদিহে লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে কাৰোবাক সহায়ৰ প্ৰয়োজন হয়, তেন্তে তেওঁ সদায় সাজু আৰু সহায় কৰিবলৈ পালে সুখী হ’ব বুলি জনায় ৷ ইয়াৰ বাবে তেওঁক সামাজিক মাধ্যমযোগে যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details