🎬 Watch Now: Feature Video
Published : October 9, 2023 at 1:59 PM IST
ধেমাজি, 9 অক্টোবৰ: ধেমাজিতো ধেমাজি উন্নয়ন খণ্ডত সোমবাৰে সম্পন্ন হয় অমৃত কলহ যাত্ৰাৰ সমাপন কাৰ্যসূচী । চৰকাৰৰ " মোৰ মাটি মোৰ দেশ " শীৰ্ষক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই অমৃত কলহ যাত্ৰাত ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ 15 খন পঞ্চায়তৰ প্ৰতিনিধিসকলে গায়ন বায়ন, বিহু নাম তথা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে সমদল কৰি আহি অমৃত কলহসমূহ ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপৰ জিলা গ্ৰামোন্নয়ন অভিকৰণ খেলপথাৰত অনুষ্ঠিত মুকলি সভাৰ মূল মঞ্চত হস্তান্তৰ কৰে ।
প্ৰায় সহস্ৰাধিক লোক উপস্থিত থকা মুকলি সভাত অংশ লৈ ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কেন্দ্ৰীয় চৰকাৰে শ্বহীদৰ স্মৃতিত দিল্লীত স্থাপন কৰিবলৈ বিচৰা অমৃত উদ্যানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিস্তাৰিতভাৱে আলোকপাত কৰে আৰু ধেমাজি জিলায়ো এই যাত্ৰাত অংশীদাৰ হ'বলৈ সুযোগ পাই গৌৰৱান্বিত বুলি মন্তব্য কৰে ৷ এই সমাপন কাৰ্যসূচীত লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাকে ধৰি বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Artificial Flood in Assam : কৃত্ৰিম বান ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত কোনো অস্ত্ৰ বা আঁচনি নাই; অশোক সিংহল