অসম

assam

Clash Between Two Families: হত্যাৰ গোচৰক লৈ দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট; আহত 10 গৰাকী

By

Published : Feb 20, 2023, 4:42 PM IST

কলগাছিয়াত দুটা ফৈদৰ মাজত হোৱা মাৰপিটত 10 জন আহত

জনীয়া, 20 ফেব্ৰুৱাৰী: পুৰণি শত্ৰুতাক কেন্দ্ৰ কৰি কলগাছিয়াৰ চৰিয়তপুৰত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ৷ এই মাৰপিটৰ ঘটনাত আহত দুয়োপক্ষৰ 10 গৰাকী লোক ৷ দুবছৰ পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ডৰ গোচৰ প্ৰত্যাহাৰৰ বাবে অনুৰোধ কৰাক লৈ দুয়োটা পক্ষৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা (Clash between two families) ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত দুবছৰ পূৰ্বে আমানত খাঁ নামৰ এজন লোকক হত্যা কৰা হৈছিল ৷ এই হত্যাৰ গোচৰত জে’ললৈ গৈছিল মফিজ উদ্দিন আৰু মহসিন আলী নামৰ দুজন লোক ৷ কাৰাগাৰৰ পৰা উলাই আহি সোমবাৰে মফিজ উদ্দিন আৰু মহসিন আলীয়ে মৃত আমানত খাঁৰ পৰিয়ালক হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই ৷

কিন্তু মফিজ উদ্দিন আৰু মহসিন আলীৰ আহ্বান মানি নল’লে হত্যাৰ বলি হোৱা আমানত খাঁৰ পৰিয়ালৰ লোকে ৷ ইয়াকে লৈ দুয়োটা পক্ষৰ মাজত আৰম্ভ হয় বাকবিতণ্ডা (clash between two family in Barpeta) ৷ ইয়াৰ পাচতেই আমানত খাঁৰ ফৈদৰ লোক ক্ৰমে দিলৱাৰ, শ্বাহৰূখ, আইন খান, দিলৱাৰৰ পত্নীৰ লগতে মনিৰুল আৰু খৈমুদ্দিনে লাঠিৰে আক্ৰমণ কৰে আনটো পক্ষৰ মফিজ উদ্দিন, মান্নান আলী, নুৰ ইছলাম আৰু চাজেদা খাতুনৰ ওপৰত ৷  

দুয়োটা পক্ষৰ মাজত সংঘটিত হোৱা এই আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত হয় 10 গৰাকী লোক (10 injured in Family clash) ৷ অৱশেষত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰস্থিতি নিয়ন্ত্ৰণ কৰে আহত লোকসকলক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই ৷  

ইফালে, হত্যাৰ বলি হোৱা আমানতৰ পৰিয়ালৰ লোকক মফিজ উদ্দিন আৰু মহসিন আলীয়ে পুনৰ হত্যাৰ ভাবুকি দিছিল বুলিও অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনা সন্দৰ্ভত সম্প্ৰতি কলগাছিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব মাৰপিটৰ ঘটনাৰ প্ৰকৃত দোষী কোন ৷  

লগতে পঢ়ক:Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

ABOUT THE AUTHOR

...view details