অসম

assam

লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই

By

Published : Jan 12, 2021, 12:36 PM IST

লাইকা-দধিয়াবাসী ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই । লাইকা দধিয়াবাসীৰ পৰিস্থিতিৰ বুজ ল'বলৈ গৈ চৰকাৰক তীব্ৰ সমালোচনা পলাশ চাংমাইৰ।

লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই
লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই

তিনিচুকীয়া,12 জানুৱাৰীঃ সোমবাৰে দিনৰ ভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াই লাইকা-দধিয়াবাসী প্ৰতিবাদকাৰী সকলৰ মাজত উপস্থিত হৈ তেওঁলোকৰ মনৰ বুজ লয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই । প্রতিবাদস্থলীত উপস্থিত হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে গভীৰ দুখ প্ৰকাশ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । লগতে লাইকা-দধিয়াবাসীৰ যি ন্যায্যপ্ৰাপ্তিৰ আন্দোলন তাক পূৰ্ণ সমৰ্থন জনায় আৰু পৰৱৰ্তী সময়তো সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ।

লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই
উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত জানমুখ-লেজাইহুলাত TMPK,MMK,TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত যোৱা ২০ডিচেম্বৰ পৰা কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীয়ে ২১ টা দিন অতিক্ৰম কৰিলে । কিন্তু পৰিতাপৰ কথা এই পৰ্যন্ত চৰকাৰ- প্ৰশাসনৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই লাইকা-দধিয়াবাসী ৰাইজে ।

ABOUT THE AUTHOR

...view details