ৰঙাপৰা, 7 মাৰ্চ :ৰাজ্যজুৰি বন্য জন্তু সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু ইমানৰ পিচতো গা লৰা নাই একাংশ অপৰাধী তথা চোৰাং চিকাৰীৰ ৷ এইবাৰ বন বিভাগৰ তৎপৰতাত সোনাই-ৰূপাই অভয়াৰণ্যৰ (Sonai Rupai Wildlife Sanctuary) ভিতৰৰ পৰা সোমবাৰে আটক কৰিবলৈ সক্ষম হয় এটা চোৰাং চিকাৰী (Poachers arrested in Sonitpur)৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বন বিষয়া বিভূতি মজুমদাৰে ৷
বন বিষয়া বিভূতি মজুমদাৰে উল্লেখ কৰা অনুসৰি, আটকাধীন চোৰাং চিকাৰীটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে এটা হাতে সজা বন্দুক আৰু গুলী ৷ ধৃত চোৰাং চিকাৰীটো চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গামানিৰ বালিগাঁও থাৰাইবাৰীৰ ৰঞ্জিত বড়ো বুলি জানিব পৰা গৈছে ৷
বন বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, অইন দিনাৰ দৰে বন বিভাগৰ এটা দলে সোমবাৰেও সোনাই-ৰূপাই অভয়াৰণ্যৰ ভিতৰত নিয়মীয়া তহল দি আছিল ৷ তেনে সময়তে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত আঞ্চলিক বন কাৰ্যালয়ৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্ব থকা চফাপানি বন শিবিৰৰ অসম-অৰুণাচল সীমান্তৰ দুৰ্গম এলেকাৰে দুই চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰিছিল অভয়াৰণ্যখনত ৷