অসম

assam

প্ৰাপ্যৰ দাবীত চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ প্ৰতিবাদ

By

Published : Jun 10, 2021, 7:29 PM IST

চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ (Special Task Foce)ৰ প্ৰতিবাদ ৷ অভয়াৰণ্যখনৰ পাকে বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত তিনিদিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মৰত জোৱানসকলে ৷ বিগত ছমাহে মাহেকীয়া দৰমহা প্ৰদান নকৰাত ক্ষোভিত হৈ পৰা জোৱানসকলে NO SALARY NO WORK ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

Forest workers protest at Sijusa Wildlife Sanctuary
চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ প্ৰতিবাদ

চতিয়া,১০ জুন :অসম-অৰুণাচল সীমান্তৰ চিজুছাত অব্যাহত আছে চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ(Special Task Foce)ৰ প্ৰতিবাদ ৷ অভয়াৰণ্যখনৰ পাকে বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত তিনিদিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মৰত জোৱানসকলে ৷ বিগত ছমাহে মাহেকীয়া দৰমহা প্ৰদান নকৰাত ক্ষোভিত হৈ পৰা জোৱানসকলে NO SALARY NO WORK ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ সমগ্ৰ দেশতে কৰ'ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে চিজুছাৰ পাকে বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত টিপি,ৰি'ল' আৰু চিজুছা ৰেঞ্জৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ(Special Task Foce)ৰ জোৱান সকলক দৰমহাৰ পৰা বঞ্চিত কৰি আহিছে চৰকাৰখনে ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা একেৰাহে ছমাহ ধৰি দৰমহা নোপোৱাত পৰিয়াল পোহপাল দিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জোৱানসকলে ৷

প্ৰাপ্যৰ দাবীত চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ প্ৰতিবাদ

দিনে নিশাই বনধ্বংসকাৰীৰ বিৰুদ্ধে সষ্টম থকা এই জোৱান সকলক অৰুণাচল চৰকাৰে দৰমহা মোকলাই নিদিয়াত স্থানীয় প্ৰকৃতিপ্ৰেমী সকলে ক্ষোভ প্ৰকাশ কৰিছে ৷ যি সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ অভয়াৰণ্য সমূহত দিনে নিশাই এচাম অসাধু ব্যৱসায়ীয়ে বন্যপ্ৰাণী চিকাৰকে ধৰি গছ-গছনি কাটি তহিলং কৰিছে সেই সময়তে চিজুছাৰ এই স্পেচিয়েল টাস্ক ফৰ্চৰ জোৱান সকলে দিনে নিশাই কৰ্তব্যত নিয়োজিত থাকি অভয়াৰণ্য খনৰ গছ-গছনিৰ লগতে জীৱ-জন্তুক ৰক্ষৱেক্ষণ দি আহিছে ৷ সেয়েহে প্ৰকৃতিপ্ৰেমী সকলে অতিশীঘ্ৰে নিয়োজিত জোৱান সকলৰ দৰমহা মোকলাই দিয়াৰ উপৰিও মাহিলি দৰমহা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, জোৱানসকলৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 202 জন এছটিএফৰ দৰমহা ৰাজ্য চৰকাৰলৈ মোকলাই দিছে যদিও বৰ্তমানৰ পাকে বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ ডিএফঅ টি.পালিৰ গাফিলতিৰ বাবেই জোৱান সকল দৰমহাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । লগতে পাকে অভয়াৰণ্যখন সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে অতিশীঘ্ৰে ডিএফঅ' জনক বদলি কৰি পূৰ্বৰ ডিএফঅ টাপি তানাক দায়িত্ব দিব লাগে বুলি দাবী জনাইছে।

লগতে পঢ়ক:কেন্দ্ৰই ধানৰ দাম বঢ়ালেও উপকৃত নহ'ব অসমৰ কৃষক

ABOUT THE AUTHOR

...view details