অসম

assam

সমগ্ৰ বিশ্বত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন

By

Published : May 12, 2021, 11:00 PM IST

Updated : May 13, 2021, 6:20 AM IST

মহীয়সী নাৰী ফ্ল’ৰেঞ্চ নাইটিংগেলৰ জন্মদিন এইদিনটো আন্তৰ্জাতিক নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় ১২ মে'ৰ দিনটো ৷ সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় আজিৰ এই বিশেষ দিনটো ।

nurse-day
নাৰ্ছ দিৱস উদযাপন

শিৱসাগৰ,12 মে’:আজি ১২ মে', মহীয়সী নাৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন এইদিনটো আন্তৰ্জাতিক নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বত কেৱল নাৰীসকলে ৰূপায়ন কৰি অহা একমাত্ৰ সেৱাটোৱেই হৈছে নাৰ্ছিং সেৱা। নাৰ্ছ অর্থাৎ পৰিচাৰিকা । সেৱা, শান্তি আৰু যুদ্ধ সকলো কালতে প্রয়োজন হয় এই নাৰ্ছ সকলক । যিকোনো অসুখত ভুগি থকা ৰোগী, আকস্মিক দুৰ্ঘটনা, যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত সৈনিক, অস্ত্ৰোপচাৰ, বৃদ্ধ এই সকলোকে হাঁহিমুখে যতন লৈ যায় এগৰাকী নাৰ্ছে ।

১৮৩৬ চনত জার্মানীত থিয়ডৰ ফ্লিনদাৰ নামৰ এজন লোকে এখন চিকিৎসালয় স্থাপন কৰি তাত নাৰ্ছসকলক প্ৰক্ষিশণ দিয়াৰ ব্যৱস্থা কৰিছিল। ১৮৪০ চনত লণ্ডনত এলিজাবেথ ফ্ৰাই নামৰ এগৰাকী মহিলাই অনুৰূপ নাৰ্ছিং বিদ্যাৰ প্ৰশিক্ষণৰ সুবিধা দিছিল। নাৰ্ছিং বা ৰোগী পৰিচৰ্যাৰ দিশত স্মৰণীয় নাৰীগৰাকী হৈছে ফ্লোৰেন্স নাইটিংগেল।

১৮৫৪ চনৰ ক্ৰিমিয়াৰ ৰণত নাইটিংগেলে ৩৮ গৰাকী প্ৰশিক্ষিতা নাৰ্ছক লৈ যুদ্ধক্ষেত্ৰত আহত সৈনিক সকলক শুশ্ৰূষাৰ বাবে দেহে কেহে লাগিছিল। নাইটিংগেলৰ এনে কৰ্মস্পৃহা দেখি নাৰ্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰিবলৈ প্রেৰণা দিয়ে ইয়াৰ ফলস্বৰূপে ১৮৬০ চনত লণ্ডনত চেইন্ট থমাচ হাস্পতালত এখন নাৰ্ছিং বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । নাৰ্ছৰ শিক্ষাৰ এইয়াই আছিল প্ৰথম প্ৰচেষ্টা । ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটো অর্থাৎ মে' মাহৰ ১২ তাৰিখটো আন্তৰ্জাতিক নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে ১৯৭৪ চনৰ পৰা। মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰা এই দৰদী নাৰী গৰাকীক "দ্য লেডী উইথ দ্য লেম্প" নামেৰে জনাজাত আছিল ।

আন্তৰ্জাতিক নাৰ্ছ দিৱস

সমগ্ৰ বিশ্বতে ক'ভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি নাৰ্ছ সকলে এতিয়া প্ৰত্যক্ষভাৱে ক’ভিড আক্ৰান্ত সকলৰ সেৱাত ব্ৰতী হৈছে ৷ প্ৰায়েই এগৰাকী চিকিৎসকতকৈয়ো ৰোগীক অধিক সময় প্ৰদান কৰি, মানৱ সেৱাত ব্ৰতী হৈ মহানুভৱতাৰ পৰিচয় দি অহা এই সকল নাৰ্ছ সদায়েই শলাগৰ যোগ্য ৷ ইফালে সমগ্ৰ বিশ্বৰ দৰে শিৱসাগৰৰ প্ৰগতি চিকিৎসালয়ত আজিৰ এই বিশেষ দিনটো সম্পূৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজত উদযাপন কৰা হয়। নাৰ্ছ দিৱসৰ বিশেষ দিনটোত আমাৰ তৰফৰ পৰাও প্ৰতিগৰাকী নাৰ্ছলৈ থাকিল হিয়াভৰা শুভেচ্ছা ।

লগতে পঢ়ক :ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত বিধায়ক ৰূপক শৰ্মা

Last Updated :May 13, 2021, 6:20 AM IST

ABOUT THE AUTHOR

...view details