অসম

assam

দৰিদ্ৰৰ কাষত আমগুৰিৰ ব্যৱসায়ী সুনিল দাস

By

Published : Apr 17, 2020, 11:38 AM IST

আমগুৰিৰ ব্যৱসায়ী সুনিল দাসে মুঠ 173 টা দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰোপৰি হাতীঘূলি সন্মিলিত যুৱ মঞ্চই অৰ্দ্ধ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰীসহ মাস্ক প্ৰদান কৰে আৰু বৰবাম চাহ বাগিচা কৰ্মচাৰী সংঘই মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ 11 হাজাৰ 400 টকাৰ সাহাৰ্য আগবঢ়ায় ।

দৰিদ্ৰৰ কাষত আমগুৰিৰ ব্যৱসায়ী সুনিল দাস
দৰিদ্ৰৰ কাষত আমগুৰিৰ ব্যৱসায়ী সুনিল দাস

আমগুৰি, 17 এপ্ৰিল:লক ডাউনৰ সময়ছোৱাত আমগুৰিত দৰিদ্ৰজনৰ কাষত ঠিয় দিছে শিৱসাগৰৰ আমগুৰিৰ ব্যৱসায়ী সুনিল দাসে ৷ ব্যৱসায়ী সুনিল দাসে বৰবাম,ঢলোৱাপথাৰৰ 173 টা দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

দৰিদ্ৰৰ কাষত আমগুৰিৰ ব্যৱসায়ী সুনিল দাস

ইয়াৰ লগতে হাতীঘূলি সন্মিলিত যুৱ মঞ্চয়ো অৰ্দ্ধ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে মাস্ক প্ৰদান কৰে। আনহাতে বৰবাম চাহ বাগিচা কৰ্মচাৰী সংঘই মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ 11 হাজাৰ 400 টকাৰ সাহাৰ্য আগবঢ়ায় ।

লগতে পঢ়ক : বাতিল কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰম বন্ধ

ABOUT THE AUTHOR

...view details