অসম

assam

নামতহে আদৰ্শ গাঁও, আদৰ্শৰ কিন্তু চিন-চাব নাই

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:37 PM IST

আৰ্চেনিক, ফ্ল’ৰাইডযুক্ত পানী সেৱন নলবাৰীৰ সাংসদৰ আদৰ্শ গাঁও বালিতাৰাবাসীৰ । বিশুদ্ধ খোৱাপানীৰ অভাৱত আৰ্চেনিকযুক্ত পানী সেৱন কৰি আহিব লগা হৈছে আদৰ্শ গাঁওবাসীয়ে ৷

people from a adarsh village in nalbari still lack of potable water
ৰাইজৰ দুৰ্দশা

ৰাইজৰ দুৰ্দশা

নলবাৰী, ১৬ ডিচেম্বৰ :নলবাৰীত সাংসদৰ আদৰ্শ গাঁৱত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । আৰ্চেনিকযুক্ত পানীয়েই ভৰসা হৈ পৰিছে নলবাৰীৰ এখন আদৰ্শ গাঁৱৰ বাসিন্দাৰ । কৰ্কট ৰোগকে ধৰি বহুলোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত । নলবাৰীৰ এখন সাংসদৰ আদৰ্শ গাঁও হৈছে বালিতাৰা । নলবাৰী চহৰৰ উত্তৰ দিশে অৱস্থিত এই গাঁওখনৰ পানী ভয়াৱহ আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ কৱলত ।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনতে গাঁওখনৰ দমকলসমূহত আৰ্চেনিক আৰু ফ্ল’ৰাইড ধৰা পৰিছিল । তেতিয়া চৰকাৰী কৰ্তৃপক্ষই গাঁওখনৰ বাসিন্দাক সেই পানী সেৱন কৰিবলৈ মানা কৰিছিল, কিন্তু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা তেওঁলোকে কৰি দিয়া নাছিল ৷ ৰাইজে উপায় নাপাই সেই পানীয়ে সেৱন কৰিছিল যদিও চৰকাৰে ৰাইজক খোৱাপানী যোগানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল । লাহে লাহে গাঁওবাসীৰ এজন এজনকৈ লোক যেতিয়া দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল তেতিয়া প্ৰশাসন তৎপৰ হৈ দমকলসমূহ চীল কৰিছিল আৰু ইমান বছৰৰ পৰা আজিলৈকে তেনেদৰেই চলি আছে বালিতাৰাবাসীৰ খোৱাপানীৰ অভাৱ-অনাটন ।

প্ৰাপ্ত তথ্য অনুসৰি, স্থানীয় লোকে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক খোৱাপানী যোগানৰ উদ্দেশ্যে এই সমগ্ৰ ঘটনা অৱগত কৰোৱাত গাঁওখনত এটি পানী যোগান আঁচনি বহুৱাইছিল । কিন্ত সেইটোৱেও যেন এতিয়া ৰাইজক উপকৃত কৰাব পৰা নাই । মাজে মাজে চৰকাৰৰ ফালৰ পৰা পানী যোগান ধৰা হয় যদিও ৰাইজে খাবলৈ পৰ্যাপ্ত নহয় সেইখিনি পানী । মাজে মাজে কেতিয়াবাহে পানী দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । চৰকাৰৰ এই অমনোযোগিতাৰ বাবে উক্ত গাঁওখনত আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু দূৰাৰোগ্য ৰোগত আক্ৰান্ত বহু লোক ।

গাঁওখনৰ খোৱাপানীত ভয়াৱহ আৰ্চেনিক আৰু ফ্ল’ৰাইড ধৰা পৰাৰ পিচত গাঁওখনৰ টিউবেলসমূহত ৰঙা চিহ্ন আঁকি সেই পানী খাবলৈ মানা কৰি দিছিল যদিও আদৰ্শ গাঁওখনত আজিও নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । আনহাতে আন এক উল্লেখনীয় বিষয় এয়া যে, যিটো সময়ত জল জীৱন আঁচনিৰ জৰিয়তে চৰকাৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছে তাৰ মাজত কিন্তু আজিলৈকে বালিতাৰা গাঁওখনত হৈ উঠা নাই জল জীৱন মিচনৰ ব্যৱস্থা ৷

ইফালে আদৰ্শ গাঁওখনৰ উন্নয়ন বুলিবলৈ একোৱেই বিশেষ নাই । বাট-পথসমূহৰ লগতে বহু চৰকাৰী আঁচনিৰ সুবিধাই ৰাইজে লাভ কৰা নাই । বিশুদ্ধ পানীৰ অভাৱত অনাগত সময়ত দূৰাৰোগ্য ৰোগে কি ভয়ংকৰ ৰূপ লব, তাক লৈ চিন্তিত ৰাইজ । বালিতাৰাবাসীৰ পানীৰ এই দুৰ্দশা আঁতৰাই ৰাইজক যেন বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰে সেয়াই আহ্বান গঞাৰ ।

লগতে পঢ়ক :জল জীৱন আঁচনি: মোদীৰ সপোন সপোনেই হৈ ৰ’ব চাগে !

ABOUT THE AUTHOR

...view details