অসম

assam

বিজেপি মিত্ৰজোঁটৰ নলবাৰী পৌৰসভা গঠনৰ শপত গ্ৰহণ

By

Published : Apr 18, 2022, 11:06 PM IST

একক সংখ্যা গৰিষ্ঠতাৰে নিৰ্বাচিত হোৱা বিজেপি মিত্ৰজোঁটে গঠন কৰা নলবাৰী পৌৰসভাৰ শপত গ্ৰহণ অনুষ্ঠান (Oath taking ceremony of Nalbari Municipality board) । বিজেপিৰ ৬ নং ৱাৰ্ডৰ নব নিৰ্বচিত পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হ'ল জয়শ্ৰী তালুকদাৰক ।

oath-taking-ceremony-of-nalbari-municipality
বিজেপি মিত্ৰজোঁটৰ নলবাৰী পৌৰসভা গঠনৰ শপত গ্ৰহণ

নলবাৰী, ১৮ এপ্ৰিল :সোমবাৰেগঠন কৰা হ'ল নলবাৰী পৌৰসভা । বিজেপিৰ ৬ নং ৱাৰ্ডৰ নব নিৰ্বচিত পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হ'ল জয়শ্ৰী তালুকদাৰক । একেদৰে অগপ প্ৰাৰ্থী ড৹ ৰবীন দাসক উপ পৌৰপতি হিচাপে নিৰ্বাচিত হৈছে ।

ইফালে নব নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নলবাৰীস্থিত নাট্য মন্দিৰত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান (Oath taking Ceremony of Nalbari Municipality board)। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া (MP Dilip Saikia at Nalbari) লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Malla Baruah at Nalbari)।

বিজেপি মিত্ৰজোঁটৰ নলবাৰী পৌৰসভা গঠনৰ শপত গ্ৰহণ

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে, নলবাৰীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ আৰু পানী নিষ্কাষণৰ বাবে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব । শীঘ্ৰেই পথ বহলিকৰণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰাৰ লগতে নলা নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলিও মন্তব্য কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখ্য যে, নলবাৰী পৌৰসভাৰ 17 খন আসনৰ ভিতৰত 17 খনতেই জয়ী হৈছিল বিজেপি মিত্ৰজোঁ‌ট । 17 খনৰ দুখনত অগপ আৰু 15 খনত জয়ী হৈছিল বিজেপি ।

লগতে পঢ়ক :ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details