অসম

assam

ফাট মেলিছে নেকি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত ?

By

Published : Mar 16, 2021, 6:43 AM IST

Updated : Mar 16, 2021, 7:37 AM IST

সোমবাৰে নলবাৰীত ৰাইজৰ দলে এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদক দিলে বাৰ ঘন্টাৰ সময়সীমা । কাৰণ নলবাৰী জিলাৰ তিনি সমষ্টি ক্ৰমে নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰীত অসম জাতীয় পৰিষদে ৰাইজৰ দলক গুৰুত্ব নিদি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে বুলি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছে ৷ এক প্ৰকাৰ স্পষ্ট কৰি দিছে দল দুটাৰ মাজত হোৱা গোপন সংঘাতৰ কথা ৷

ফাট মেলিছে নেকি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত ?
ফাট মেলিছে নেকি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত ?

নলবাৰী,16 মাৰ্চ:ফাট মেলিছে নেকি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰজোঁটত ? প্ৰাৰ্থিত্ব প্ৰদানক লৈ দল দুটাৰ মাজত সৃষ্টি হৈছে নেকি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ৷ কিয়নো নলবাৰীত এতিয়া দুই দলৰ মাজত সংঘাত তুংগত ৷ সোমবাৰে নলবাৰীত ৰাইজৰ দলে এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদক দিলে বাৰ ঘন্টাৰ সময়সীমা। কাৰণ নলবাৰী জিলাৰ তিনি সমষ্টি ক্ৰমে নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰীত অসম জাতীয় পৰিষদে ৰাইজৰ দলক গুৰুত্ব নিদি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে বুলি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছে ৷ এক প্ৰকাৰ স্পষ্ট কৰি দিছে দল দুটাৰ মাজত হোৱা গোপন সংঘাতৰ কথা ৷

ফাট মেলিছে নেকি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত ?

পূৰ্বৰ চুক্তি অনুসৰি, ৰাইজৰ দলে নলবাৰী আৰু ধৰ্মপুৰ সমষ্টি জাতীয় পৰিষদক এৰি দি বৰক্ষেত্ৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু অসম জাতীয় পৰিষদে বৰক্ষেত্ৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে দলটোৰ নেতা কৰ্মী সকল ৷ সেয়েহে বৰক্ষেত্ৰীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ প্ৰাৰ্থিত্ব উঠাই ল'বলৈ আহ্বান জনাইছে ৰাইজৰ দলে ৷ ইফালে, সমগ্ৰ বিষয় সন্দৰ্ভত ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে অসম জাতীয় পৰিষদৰ সভাপতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

এনে সংঘাতৰ ফলত তৃতীয় পক্ষহে অধিক লাভাম্বিত হ'ব বুলি ক্ষোভ উজাৰে ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে ৷ সেয়ে সংবাদমেল যোগে ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ১২ ঘন্টাৰ সময়সীমা বান্ধি দিয়ে ৷ যদিহে ১২ ঘন্টাৰ ভিতৰত লুৰিণজ্যোতি গগৈয়ে বিষয়টো স্পষ্ট নকৰে তেতিয়াহলে ৰাইজৰ দলে কঠোৰ স্থিতি ল'ব বুলি সদৰী কৰে ৷

লগতে পঢ়ক:1 লাখ 10 হাজাৰ ভোটত জয়ী হ’ব প্ৰশান্ত ফুকন: মুখ্যমন্ত্ৰী

Last Updated : Mar 16, 2021, 7:37 AM IST

ABOUT THE AUTHOR

...view details