অসম

assam

কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

By

Published : May 11, 2021, 1:03 PM IST

নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ নিবাসী তিলক দাস নামৰ যুৱকজনে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ গৈ কৰ'ণাত আক্ৰান্ত হয় ৷ হায়দৰাবাদত থকা চৰকাৰী ক‘ভিড কেয়াৰ চেন্টাৰত ক‘ভিড সংক্ৰমিত ৰোগীৰ বাবে থকা ঠাইৰ যথেষ্ট অভাৱ হোৱাত এখন নাৰ্চিং হোমত যুৱকজনক ভৰ্তি কৰায় যদিও চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক সংকটে দেখা দিছে ৷ সেয়েহে যুৱকজনৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে সহায় বিচাৰিছে সদাশয় লোকৰ ৷

কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে
কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

চামগুৰি, 11 মে': সুদূৰ হায়দৰাবাদত কৰ্মৰত অসমৰ এজন দুৰ্ভগীয়া যুৱক ৷ কৰ'ণাত আক্ৰান্ত হৈ জীৱন মৃত্যুৰে যুঁজি আছে যুৱকজন ৷ নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ নিবাসী তিলক দাস নামৰ যুৱকজনে কৰ্মৰ সন্ধানত আহি হায়দৰাবাদত কৰ'ণাত আক্ৰান্ত হয় ৷ পত্নী আৰু পুত্ৰসহ সৰু পৰিয়ালটোক পোহপাল দিয়াৰ উদ্দেশ্যে হায়দৰাবাদলৈ ঢাপলি মেলা যুৱকজন কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে স্বাস্থ্যৰ অৱনতি ঘটে ৷ লগে লগে যুৱকজনৰ সহযোগী বন্ধুৱে হায়দৰাবাদত থকা চৰকাৰী ক‘ভিড কেয়াৰ চেন্টাৰত ক‘ভিড সংক্ৰমিত ৰোগীৰ বাবে থকা ঠাইৰ যথেষ্ট অভাৱ হোৱাত এখন নাৰ্চিং হোমত যুৱকজনক ভৰ্তি কৰায় যদিও চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক সংকটে দেখা দিছে ৷

কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

ইফালে হায়দৰাবাদত থকা অসমৰ সহকৰ্মী যুৱকসকলে তিলক দাসৰ উন্নত চিকিৎসাৰ বাবে নিজৰ ভিতৰতে অৰ্থ সংগ্ৰহ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আছে বুলি জানিব পৰা গৈছে যদিও এই খৱৰ বিয়পি পৰাৰ লগে লগে দুৰ্ভগীয়া পৰিয়ালটো দুখত ভাঙি পৰিছে ৷ আনহাতে, গাঁৱৰ সচেতন লোক সকলেও যুৱক জনৰ উন্নত চিকিৎসাৰ বাবে যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে ৷ কিন্তু সেয়া পৰ্যাপ্ত নহয় ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱকজনৰ অবিহনে অচল পৰিয়ালটোৰ হাত উদং ৷ সেয়েহে যুৱকজনৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে সহায় বিচাৰিছে সদাশয় লোকৰ ৷

লগতে পঢ়ক:বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদৰ দেহাৱসান

ABOUT THE AUTHOR

...view details