অসম

assam

World River Day : আজি বিশ্ব নদী দিৱস

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 6:39 PM IST

Updated : Sep 25, 2023, 2:39 PM IST

প্ৰতি বৰ্ষৰ ছেপ্টেম্বৰৰ অন্তিমটো দেওবাৰে বিশ্বজুৰি পালন কৰা হয় নদী দিৱস । বিশ্বৰ জলসম্পদ নদীসমূহৰ সংৰক্ষণ কৰাৰ লগতে জনসাধাৰণৰ মাজত নদীকেন্দ্ৰীক সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

World River Day
কলিয়াবৰত বিশ্ব নদী দিৱস উদযাপন

কলিয়াবৰত বিশ্ব নদী দিৱস উদযাপন

কলিয়াবৰ, 24 ছেপ্টেম্বৰ : নদীকেন্দ্ৰীক সভ্যতা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে ৷ অসম এখন নদীপ্ৰধান দেশ। ব্ৰহ্মপুত্ৰ-বৰাককে ধৰি অসমত বহুকেইখন উপ-নদীৰ সমাহাৰে অসমৰ প্ৰাকৃতিক আৰু ভৌগলিক ৰূপ বিনন্দীয়া কৰি তোলে ৷

প্ৰতি বৰ্ষৰ ছেপ্টেম্বৰৰ অন্তিমটো দেওবাৰে বিশ্বজুৰি পালন কৰা হয় নদী দিৱস । এই নদী দিনৰ উদ্দেশ্য হৈছে বিশ্বৰ নদীসমূহৰ উন্নত পৰিচালনাক উৎসাহিত কৰা আৰু মানৱতাৰ জীৱিকা আৰু পৃথিৱীৰ অন্যান্য জীৱন ধাৰণত তেওঁলোকে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সকলোকে অৱগত কৰা।

বিশ্বৰ জলসম্পদ নদীসমূহৰ সংৰক্ষণ কৰাৰ লগতে জনসাধাৰণৰ মাজত নদীকেন্দ্ৰীক সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস। কলিয়াবৰত এই দিনটোৱে বিশেষ তাৎপৰ্য‍ বহন কৰি আহিছে। কলিয়াবৰৰ মাজেদি যোৱা কলং সুঁতি আজি দীৰ্ঘকাল ব্ৰহ্মপুত্ৰৰ পৰা বিচ্ছিন্ন হৈ মৃত সুঁতি হৈ থাকিল। বোঁৱতী কলঙৰ সপোন দেখা কলিয়াবৰীয়াৰ মাজত সপোন বাস্তৱত কেতিয়া পূৰণ হ'ব সেই লৈ চলি থকা গুণা-গাঁথা চলিয়েই থাকিল ৷ তাৰ মাজতে বোৱতী কলঙৰ পৰিকল্পনাৰ কাম আৰম্ভ হ'ল ।

1964 চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। নগাঁৱক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙত মথাউৰি নিৰ্মাণ কৰি নদীখনক মৰাসুঁতিলৈ পৰিণত কৰা হৈছিল ৷

পিচৰ বছৰেই এই মথাউৰিটো ব্ৰহ্মপুত্ৰই খহাই নিয়াত পুনৰ 1973 চনত মথাউৰিটোৰ নিৰ্মাণ কৰা হয় ৷ সেই সময়ৰ পৰাই কলঙক বোৱাই নিবলৈ প্ৰচেষ্টা আৰম্ভ হৈছিল ৷ সেয়ে 1974 চনত 144 ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল। সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নিৰৱ চেষ্টা চলাই গৈছিল ৷

এই প্ৰচেষ্টা যোৱা 2017 চনৰ আগষ্ট মাহৰ বানৰ পাচত এক গতি লাভ কৰিছিল। এতিয়া চৰকাৰৰ বোৱতী কলঙৰ পৰিকল্পনা বাস্তৱত ৰূপায়ণ হোৱাৰ দিশে গতি কৰিছে ।শেহতীয়াকৈ, শ্লুইছ গে'ট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। কিন্তু এতিয়াও শ্লুইছ গে'টৰ দুয়ো দিশে ভালেমান কাম বাকী থকাত বোৱতী কলঙৰ সপোন বাস্তৱত ৰূপায়ণ হোৱাত পলম হ'ব বুলি অনুমান কৰিব পাৰি। তৎস্বত্বেও কলিয়াবৰবাসীৰ আশা দীৰ্ঘকাল মৃত হৈ থকা কলঙে পুনৰ প্ৰাণ পাই উঠিব।

লগতে পঢ়ক:Hearing Loss Treatment : অডিঅ’মেট্ৰি বিভাগ কি ? ইয়াত কেনেধৰণে চিকিৎসা সেৱা আগবঢ়োৱা হয় ?

Last Updated :Sep 25, 2023, 2:39 PM IST

ABOUT THE AUTHOR

...view details