অসম

assam

ETV Bharat / state

আৱতৰীয়া বানৰ কৱলত কামপুৰৰ অৰ্ধশতাধিক গাঁও

আনকি বিগত তিনি চাৰিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হৈ শুকুৰবাৰে ভাঙি নিয়ে মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্তানী পথটো ৷ ফলত প্লাৱিত হৈ পৰিছে বিস্তীৰণ অঞ্চল ৷

Flood in Kampur of Nagaon
আৱতৰীয়া বানৰ কৱলত কামপুৰৰ অৰ্ধশতাধিক গাঁও

Published : September 26, 2020 at 5:07 PM IST

বঢ়মপুৰ, 26 ছেপ্তেম্বৰ:শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত পুনৰ প্লাৱিত হৈছে বহু কেইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰত অব্যাহত আছে আহিন মহীয়া বানৰ তাণ্ডৱ ৷ বিগত তিনি চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত শুকুৰবাৰে পানীয়ে ভাঙি নিয়ে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথচোৱা ৷ যাৰ ফলত প্লাৱিত হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল ৷ ইপিনে শুকুৰবাৰে ওৰে নিশা দিয়া বৰষুণৰ ফলত বৰপানী নৈৰ জলস্তৰ অধিক বৃদ্ধি হোৱাত এতিয়া প্লাৱিত হৈ পৰিছে কামপুৰ ৰাজহ চক্ৰৰ ন ন অঞ্চল ৷ ইতিমধ্যেই প্লাৱিত হৈ পৰিছে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক গাঁও ৷

আৱতৰীয়া বানৰ কৱলত কামপুৰৰ অৰ্ধশতাধিক গাঁও

ইপিনে কামপুৰ-বৈঠালাংচু গড়কাপ্টানি পথৰ ওপৰেও বাগৰিছে বাঢ়নী পানী ৷ বৰ্তমান পথটোৰ ওপৰত এককাল পানী হোৱাৰ বাবে কেইবাখনো গাঁৱৰ মাজত পথেৰে যাতায়ত বন্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে ৷ উপায়বিহীন হৈ বৰ্তমান ৰাজপথত আশ্ৰয় লব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্নাত্যৰ মাজত ৷ জানিব পৰা অনুসৰি বৰ্তমানেও বৃদ্ধি হৈ আছে বৰপানী নৈৰ জলস্তৰ ৷ ইফালে মাধৱপাৰাত ভগ্ন মাথাউৰিৰে পানী সোমাৱাৰ ফলত জলমগ্ন হৈ পৰিছে বহু বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী হোৱাৰ ফলত ওখ ঠাইত শিবিৰ পাতি থাকিব লগা হৈছে বানাক্ৰান্ত সকলে ৷ আহিন মাহৰ এই আবতৰীয়া বানত ইতিমধ্যেই কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লংজাপ, মাধৱপাৰা, প্ৰমিলা আৰু জুৰিপাৰাকে ধৰি বিস্তিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে ৷ উক্ত স্থান সমুহত উপস্থিত হৈ বানক্ৰান্তৰ অৱস্থাৰ বুজ লৈছে জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ বাক্সাত 2 লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ