অসম

assam

লাভলীনা বৰগোঁহাইলৈ 2022 বৰ্ষৰ ৰণাংগন সন্মান

By

Published : Jun 6, 2022, 10:32 PM IST

এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ, অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে ৷ ইয়াৰ পূৰ্বে প্ৰয়াত হোমেন বৰগোহাঞিক ২০২০ চনত আৰু লেখিকা ৰীতা চৌধুৰীক ২০২১ চনত ৰণাংগন সন্মান আগবঢ়োৱা হৈছিল ৷

লাভলীনা বৰগোঁহাইলৈ 2022 বৰ্ষৰ ৰণাংগন সন্মান
লাভলীনা বৰগোঁহাইলৈ 2022 বৰ্ষৰ ৰণাংগন সন্মান

নগাঁও, 6 জুনঃ মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ, অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে (Boxer Lovlina Borgohain selected for Ranangan award) ৷

ইয়াৰ পূৰ্বে দুগৰাকী বৰেণ্য ব্যক্তিক “ৰণাংগন সন্মান’’ প্ৰদান কৰা হৈছিল ৷ প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত হোমেন বৰগোহাঞিক ২০২০ চনত আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক বলিষ্ঠ লেখিকা ৰীতা চৌধুৰীক ২০২১ চনৰ ৰণাংগন সন্মান আগবঢ়োৱা হৈছিল ৷ ৰাষ্ট্ৰীয় অজুৰ্ন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি অতি সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বস্কিং এচ’ছিয়েচনৰ এথলীট কমিটিৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰা হ'ব ৷

মাহেকীয়া বাৰ্তালোচনী আৰু সাপ্তাহিক বাতৰি কাকত ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাস আৰু ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হেজাৰ টকাৰ ধনৰ টোপোলা৷ উল্লেখ্য যে, ৰণাংগন প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ আৰ এন আই আৰু আই এছ এন এনৰো পঞ্জীয়ন লাভ কৰা এখন উন্নতমানৰ মাহেকীয়া বাৰ্তালোচনী৷ ইয়াৰ সমান্তৰালভাৱে ‘সাপ্তাহিক ৰণাংগন’ কাকতখনো নিয়মীয়াকৈ প্ৰকাশ পাই আছে ৷

লগতে পঢ়ক:Batadrava PS incident: আমিনুল ইছলামক বিষবাষ্প নিবিয়পাবলৈ আহ্বান সত্ৰাধিকাৰৰ

TAGGED:

ABOUT THE AUTHOR

...view details