অসম

assam

Keshab Mahanta on jihadis: জেহাদীৰ ক্ষেত্ৰত আপোচ নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: কেশৱ মহন্ত

By

Published : Jul 29, 2022, 11:56 AM IST

জেহাদী সম্পৰ্কীয় সকলো বিষয় দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । জেহাদীৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (Assam government will not compromise on jihadis)। নগাঁৱত এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । নগাঁৱৰ আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshav Mahanta felicitates students in Nagaon)।

Health Minister Keshav Mahanta felicitates students in Nagaon
জেহাদীৰ ক্ষেত্ৰত আপোচ নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: কেশৱ মহন্ত

নগাঁও, 29 জুলাই: জেহাদী সম্পৰ্কীয় সমগ্ৰ বিষয় দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । জেহাদীৰ ক্ষেত্ৰত কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আপোচ নকৰে (Assam government will not compromise on jihadis) । মূখ্যমন্ত্ৰীৰ দায়িত্ব লৈ বহু পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা । বহুতে বহু ষড়যন্ত্ৰ কৰি আছে; কিন্তু এইখন চৰকাৰৰ দিনত এনে ষড়যন্ত্ৰৰ ওপৰত কোনো আপোচ কৰা নহ’ব । উচিত ব্যৱস্থা লোৱা হ’ব । বৃহস্পতিবাৰে বিয়লি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে নগাঁৱত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

বৃহস্পতিবাৰে নগাঁৱত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ (Assam Students Council) আৰু অসম যুৱ পৰিষদৰ (Assam Youth Council) নগাঁও জিলা সমিতিত উদ্যোগত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই (Felicitation Program held in Nagaon District Library Hall )। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱা নগাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষানুষ্ঠানকো সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ।

জেহাদীৰ ক্ষেত্ৰত আপোচ নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: কেশৱ মহন্ত

অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে উল্লেখনীয় স্থান লাভ কৰা নগাঁৱৰ ছাত্ৰ-ছাত্ৰীক লৈ গৌৰাম্বিত বুলি ভাষণত উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । লগতে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে জাপানীজ এনকেফ্লাইটিজৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দহ খন জিলা পৰ্য্যায়ৰ হস্পিতালত এনকেফেলাইটিছৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই (Encephalitis treatment in 10 district level hospitals in Assam) ।

ইয়াৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ো অন্যতম বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । নগাঁৱৰ লগতে অন্যান্য প্ৰান্ততো উদ্বেগজনক ভাবে বৃদ্ধি পাইছে জাপানীজ এনকেফ্লাইটিজ আৰু কেইবাজনো লোকৰ মৃত্যুও হৈছে । যাৰ বাবে পূৰ্বে কেৱল গুৱাহাটী মেডিকেল কলেজত জাপানীজ এনকেফেলাইটিছৰ চিকিৎসা কৰা হৈছিল যদিও বৰ্তমান জিলা পৰ্য্যায়ৰ চিভিল হস্পিতালসমূহতো এই চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, এই ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ পৰা ল’বলগা যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।

উল্লেখযোগ্য যে, নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ছাত্ৰী-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ নগাঁও জিলা সভাপতি মণি মাধৱ মহন্তকে প্ৰমুখ্য কৰি বহুকেইজন অগপ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:Felicitation Program in Naharkatia : কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ

ABOUT THE AUTHOR

...view details