অসম

assam

সীমান্তৰ দুৰ্গম অঞ্চলতো চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে: কিৰেণ ৰিজিজু

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:47 PM IST

মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ ভকতগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Vikashit Bharat Sankalp Yatra in Assam)। তেওঁ বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহো পৰিদৰ্শন কৰে ।

Union Minister Kiren Rijiju in Morigaon
কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু

কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু

মৰিগাঁও, ১৭ ডিচেম্বৰ :কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ ভকতগাঁও গাঁও পঞ্চায়তৰ কপাহেৰা ষ্টেডিয়ামত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহ পৰিদৰ্শন কৰে । এই উপলক্ষে কপাহেৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখন দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে বদ্ধপৰিকৰ ।

কেন্দ্ৰীয় চৰকাৰে সকলো স্তৰৰ লোকক সামৰি ল'ব পৰাকৈ ভালেমান আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এতিয়া মানুহৰ জীৱন সলনি হৈছে । সীমান্তৰ দুৰ্গম অঞ্চলতো মানুহ চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে মহিলা সবলীকৰণত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে । তাৰেই ফলস্বৰূপে পৰৱৰ্তী ৫-৬ মাহৰ ভিতৰত কৃষি খণ্ডত বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰি "নমো ড্ৰোণ দিদি" আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰি খেতিপথাৰত ড্ৰোণ ব্যৱহাৰৰ বাবে দক্ষ কৰি তোলা হ'ব ।

অসমৰ সৈতে এটা আবেগিক সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমখনক তেওঁৰ নিজৰ ঘৰৰ দৰে অনুভৱ হয় । অৰুণাচল প্ৰদেশে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ আগতে তেওঁলোকে নিজকে অসমীয়া বুলিয়েই পৰিচয় দিছিল বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে ।

এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই চৰকাৰৰ বিভিন্ন আঁচনি যেনে জল জীৱন অভিযান, অৰুণোদয়, উজ্বলা, আয়ুস্মান ভাৰত, পি এম কিষাণ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আদিৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি সমাজৰ সকলো স্তৰৰ লোকক সামৰি উন্নয়নৰ বাটেৰে অগ্ৰসৰ হৈছে । মোদী চৰকাৰৰ বিকাশমুখী এই যাত্ৰাই সৰ্বাংগীন উন্নয়ন সুদৃঢ় আৰু সুনিশ্চিত কৰিছে বুলি তেওঁ দোহাৰে । তেওঁ পুনৰ কয় যে কোনো এগৰাকী যোগ্য ব্যক্তি যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰত এই আঁচনিসমূহৰ সাফল্য নিৰ্ভৰ কৰিব । তেওঁ জনসাধাৰণক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

সভাখনত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৰাইজৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ যোগ্য হিতাধিকাৰীসকলক এই সভাতেই বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণত কয় যে চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

সভাৰ অংশৰূপে কৃষি বিভাগৰ উদ্যোগত ড্ৰোণ প্ৰযুক্তিৰ সহায়ত নেন' ইউৰিয়া প্ৰদৰ্শন কৰা হয় । লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকে ।

লগতে পঢ়ক:এবছুৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা

ABOUT THE AUTHOR

...view details