অসম

assam

2021 বৰ্ষত কি পালে কি হেৰুৱালে মাজুলীয়ে ?

By

Published : Dec 30, 2021, 7:07 PM IST

2021 বৰ্ষত মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে ৷ আগন্তুক 2022 ক লৈ কি আশা কি প্ৰত্যাশা মাজুলীবাসীৰ (Hope of Majuli people in New Year 2022) ৷ চাওক এক বিশেষ প্ৰতিবেদন ৷

Hope of Majuli people in New Year 2022
2021 বৰ্ষত কি পালে কি হেৰুৱালে মাজুলীয়ে ?

মাজুলী, 30 ডিচেম্বৰ :পুৰণি বিদায় দি নতুনক আদৰৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে (New year 2022)। সকলোৱে উছাহেৰে বাট চাইছে নতুন বৰ্ষটোলৈ ৷ এবাৰ উলটি চাইছে বিদায়ী বৰ্ষটোৰ পোৱা-নোপোৱাবোৰলৈ ৷ 2021 বৰ্ষত মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে তাৰ খতিয়ান লৈ আমাৰ এক বিশেষ প্ৰতিবেদন ।

২১ বৰ্ষ প্ৰথম কেইমাহ মাজুলীৰ বাবে বহু আশা ব্যঞ্জক আছিল । ২১বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজা ভাৰ্চুৱেল পদ্ধতিৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল সেয়াই আছিল আৰম্ভণি সেইয়া আছিল আৰম্ভণি (Bhoomi pooja of Majuli Jorhat connecting bridge) ।

মাহ বাগৰিল নিৰ্বাচন আহিল ৷ ২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ফালফলে আনন্দ দিলে ঠিকেই ৷ কিন্তু এটা সিদ্ধান্তই মাজুলীৰ ২ লক্ষ্য জনগণক বেয়াকৈ কন্দুৱাই গ’ল । মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল গ’লগৈ কেন্দ্ৰলৈ (Sarbananda Sonowal included in Central Ministry)। ৰাজনৈতিকভাৱে অভিভাৱক হীন হ'ল মাজুলী ।

2021 বৰ্ষত কি পালে কি হেৰুৱালে মাজুলীয়ে ?

কিয়নো মাজুলী সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত বিপুল ভোটত বিজয় কৰি পঠিওৱা সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ লগে লগে মাজুলী বাসীয়ে হেৰুৱালে এজন যোগ্য অভিভাৱক (No MLA in Majuli)। যাক হেৰুৱাই আজি মাজুলীবাসী অভিভাৱকহীন ।

ছেপ্টেম্বৰৰ ৮ তাৰিখ মাজুলীৰ বাবে বিশেষ দিন ৷ এই দিনটোতে মাজুলীয়ে লাভ কৰিছিল মহকুমাৰ পৰা জিলাৰ স্বীকৃতি। কিন্তু বিশেষ দিনটো বিশেষ হৈ নাথাকিল মাজুলীৰ বাবে ৷ ষষ্ঠ বৰ্ষপূৰ্তিৰ সেই দিনটো মাজুলীৰ বাবে এটা ক’লা দিন হৈ ৰ'ল মাজুলীৰ ইতিহাসত ৷ কিয়নো নিমাতিৰ নাও দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ৩ জনৰ (Nimatighat boat tragedy)। বহু লোকৰ শা-সম্পত্তি লুইত বুকুত হৈ গ’ল বিলীন । আজিও উপেক্ষিত ভুক্তভোগী যাত্ৰী, নাপালে চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণ ।

এটা গ্ৰহণৰ পাছত যেন অলপ মান পোহৰ মাজুলীত । চৰকাৰৰ নতুন নতুন পৰিকল্পনা । ২১ বৰ্ষৰ শেষৰ ফালে পোৱা পৰিৱৰ্তন । নিমাতি নাও দুৰ্ঘটনা পাছত ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগলৈ আহিল কেতবোৰ পৰিৱৰ্তন (Changes in Inner land Water Transport at Majuli)। অনলাইন টিকটৰ ব্যৱস্থা, মাজুলী-নিমাতিৰ মাজত অত্যাধুনিক জাহাজ সেৱা ব্যৱস্থা, ফেৰী যাত্ৰী বাবে লাইফ জেকেট বাধ্যতামূলক কৰা হ’ল । ব্যক্তিগত ফেৰীত মেৰাইন ইঞ্জিন লগাই যাত্ৰীৰ যাত্রাত নিৰাপত্তা প্ৰদান কৰিলে বিভাগটোৱে ।

২১ বৰ্ষৰ মাজুলী বাসীৰ সপোনৰ বিশেষ দিনটো 29 নৱেম্বৰ। যিটো দিনক লৈ সত্ৰাধিকাৰ, মাজুলী আছু, নেতৃত্বতত লৈছিল তেতিয়াৰ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যি সপোনে বাস্তৱ ৰূপ পালে ২০২১ বৰ্ষ ২৯ নৱেম্বৰত । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা এটা সপোনৰ প্ৰকল্প মাজুলী-যোৰহাট সংযোগী দলঙৰ বাস্তৱ ৰূপ দিবৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কামৰ শুভাৰম্ভ কৰিলে (Foundation stone of Majuli Nimati bridge)। দুখৰ মাজত যেন অকণমান সুখ লাভ কৰিলে 2 লক্ষ্য মাজুলী বাসীয়ে ।

এতিয়া আগন্তুক বৰ্ষত মাজুলী বাসীৰ এই সমূহ আশা পূৰণ হয় নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷ তাৰ লগতে লক্ষ্যণীয় হৈ বিধায়কহীন মাজুলী সমষ্টিক কোনে প্ৰতিনিধিত্ব ককৰে সেই বিষয়টো ৷ কিয়নো উপ-নিৰ্বাচনৰ দ্বাৰা নতুন বছৰতেই নিৰ্বাচিত কৰা হ’ভ মাজুলীৰ বাবে এজন নতুন জন প্ৰতিনিধি ৷
লগতে পঢ়ক :Majuli-Jorhat Bridge : নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details