অসম

assam

মাজুলীৰ নতুন পৰিচয়ৰ পাঁচটা বছৰ

By

Published : Sep 7, 2021, 10:39 PM IST

জিলা ঘোষণা হোৱাৰ পঞ্চম বৰ্ষ অতিক্ৰম কৰি ষষ্ঠ বৰ্ষত ভৰি দিবলৈ সাজু হৈছে মাজুলীয়ে । বিগত সময়চোৱাত মাজুলীয়ে কি কি লাভ কৰিলে এবাৰ ঘূৰি চাওঁ আহক ৷

5-years-of-majuli-as-a-district
মাজুলীৰ নতুন পৰিচয়ৰ পাঁচটা বছৰ

মাজুলী, 7 ছেপ্টেম্বৰ :২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলী মহকুমাক জিলালৈ উন্নিত কৰা হৈছিল । এই সময়চোৱাত মাজুলীৰ পৰা বিধানসভাত প্ৰতিনিধিত্ব কৰি বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈ আছিল সৰ্বানন্দ সোণোৱাল । স্বাভাৱিকতেই নিজৰ জন প্ৰতিনিধি গৰাকীক মুখ্যমন্ত্ৰীৰূপে লাভ কৰি মাজুলীবাসীৰ আশা প্ৰত্যাশা দুগুন বাঢ়িছিল এই সময়চোৱাত । দীৰ্ঘদিনীয়া বঞ্চনা, প্ৰতাৰনা যেন যৱনিকা পৰি সত্ৰপীঠ উন্নয়নৰ মাত্ৰা পোৱাৰ আশা কৰিছিল সমষ্টিবাসীয়ে ৷

মাজুলীৰ ২ লক্ষ্য জনতাৰ প্ৰত্যাশা অনুসৰি বান-গড়া খহনীয়া, ৰাস্তা ঘাট, আন্তঃগাঠনি উন্নয়নৰ বিভিন্ন অভিলাষী আচনি ৰূপায়নৰ বাবে ৫ হাজাৰ কোটিৰো অধিক টকা আৱনন্টিত হ’ল মাজুলীলৈ । চৰকাৰী বিভাগত মাজুলীৰ উন্নয়নে যেন গুৰুত্ব পালে ৷ বান, গড়া খহনীয়াই প্ৰতি বছৰে জুৰুলা কৰা অতি পিছ পৰা এটা সমষ্টি বাছি লৈ পূৰ্বৰ মুখ্যমন্ত্ৰী সোণোৱালে যেন নতুনকৈ জিলিকাই তুলিবলৈ চেষ্টা কৰিলে মাজুলীক । মাজুলীত পোন প্ৰথম বাৰৰ বাবে আৰম্ভ কৰা হ’ল দুই-লেন যুক্ত পথ নিৰ্মাণৰ কাম । সম্প্ৰতি ৭১ কোটি ২০ লাখ টকা ব্যয়েৰে মাজুলীৰ জিলা সদৰ গড়মূৰ পৰা জেংৰাইৰ দুই-লেন যুক্ত পথ নিৰ্মাণৰ কাম চলি আছে ।

মাজুলীৰ নতুন পৰিচয়ৰ পাঁচটা বছৰ

আউনীআটি সত্ৰৰ পৰা বনগাঁৱলৈ ১৮.৪ কিলোমিটাৰ পথৰ প্ৰায় ২৭ কোটি ৪২ লাখ ৯৮ হাজাৰ টকা ব্যয় সাপেক্ষে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে । জেংৰাইৰ পৰা হালধিবাৰী পথ ৩৯ কোটি ৩০ লাখ টকা ব্যয়েৰে ১৬.২ কিলোমিটাৰ পথ মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই সমূহ পথৰ কাম আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ হৈছে ।

বানে প্ৰতি বছৰে জুৰুলা কৰা এই মাজুলীৰ সুৰক্ষাৰ দায়িত্ব থকা এটা বিভাগ হৈছে জলসম্পাদ বিভাগ ৷ এই বিভাগৰ মাজুলীৰ জলসম্পদ কাৰ্যালয় আৰু অতিথিশালা আঠ কোটি টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে ।

যোৰহাট চহৰত মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোনোৱালে মাজুলীবাসী ৰাইজৰ সুবিধা হোৱাকৈ ১ কোটি টকা ব্যয়েৰে নিৰ্মান কৰিলে মাজুলী ভৱন । স্বাধীনতাৰ পাছত মাজুলী বাসীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দিনত প্ৰথমবাৰ ইমানখিনি উন্নয়নৰ মুখ দেখা বুলি বহু মাজুলীবাসীয়ে স্বীকাৰ কৰিছে যদিও, মাজুলীৰ গড়াখহনীয়াৰ স্থায়ী সমাধান আৰু স্বাস্থ্য খণ্ডত ৰৈ যোৱা কাম সমূহৰ বাবে এতিয়া চিন্তিত হৈছে ৰাইজ ৷ সৰ্বানন্দ সোনোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত নতুন এগৰাকী জন প্ৰতিনিধিয়ে এতিয়া মাজুলীৰ উন্নয়নৰ গতি স্থবিৰ নোহোৱাকৈ পুনৰ ন-ৰূপ দিয়াৰ আশা কৰিছে মাজুলী বাসীয়ে ৷

লগতে পঢ়ক :সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details