অসম

assam

Bathou prayer Kherai in Kokrajhar: মানসিক শান্তিৰ অভাৱ ঘটিছে সমাজত; উৰ্খাও গৌৰা ব্ৰহ্ম

By

Published : Mar 6, 2023, 10:14 PM IST

দেওবাৰে অন্ত পৰে কোকৰাঝাৰত আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ । সমূহীয়া প্ৰাৰ্থনা, খেৰাই পূজা, খাম, ছিফুং, ছেৰজাৰ সমুধুৰ মূৰ্চনাই কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ ৷ বিশ্বজিৎ দৈমাৰীৰ লগতে উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে অন্তিম দিনৰ কাৰ্যসূচীত (Bathou prayer and Kherai in Kokrajhar) ।

Bathou prayer and Kherai in Kokrajhar
বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ সামৰণি

কোকৰাঝাৰ, 6 মাৰ্চ : শান্তি আৰু একতাৰ বাবে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ সামৰণি পৰে দেওবাৰে ৷ অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হয় সমূহীয়া প্ৰাৰ্থনাৰে । ইয়াৰ পাচতে দুপৰীয়াৰ পৰা অনুষ্ঠিত হয় খেৰাই পূজাৰ ৷ কোকৰাঝাৰত আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱ উপলক্ষে আফা বৌৰায় বাথৌৰ বেদীৰ ওচৰত সামূহিকভাৱে খাম, ছিফুং, ছেৰজাৰ সমুধুৰ মূৰ্চনাই কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ (Bathou prayer and Kherai in Kokrajhar) ৷

বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ সামৰণি

উল্লেখ্য যে, দেওবাৰৰ অন্তিম দিনৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিপিএফনতা তথা বিটিআৰৰ প্ৰক্তান উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যৱাহী মিহিনেশ্বৰ বসুমতাৰী, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাথৌ ধৰ্মাৱলম্বীৰ শতাধিক পুৰোহিত, সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি ধৰ্মীয় ৰীতি-নীতি আৰু নিয়মেৰে বিশ্ব শান্তি, মানৱ শান্তি আৰু ঐক্যৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় (Bathou prayer and Kherai Festival in Kokrajhar) ৷

বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ সামৰণি

ইপিনে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ অন্তিম দিনৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বস্তুবাদী জগতত আধ্যাত্মিকতাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায় । সৃষ্টিকৰ্তা থকাটো ধ্ৰুৱসত্য আৰু সেয়া সকলোৱে মানি চলি আহিছে । ঈশ্বৰে সদায় ভালৰ বাবে আশীৰ্বাদ দিয়ে আৰু সেয়েহে ৰাজনৈতিক দল আৰু সদস্যৰ বাবে ঈশ্বৰ প্ৰাৰ্থনা অধিক জৰুৰী বুলি মন্তব্য কৰি সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে ধৰ্মৰ প্ৰয়োজন বুলিও মন্তব্য কৰে (Assam legislative assembly Speaker Biswajit Daimary) ।

বাথৌ প্ৰাৰ্থনা আৰু খেৰাই উৎসৱৰ সামৰণি

লগতে পঢ়ক :Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

আনহাতে, বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চৌদিশে উন্নয়ন হৈছে যদিও মানুহৰ মাজত মানসিক শান্তি নাইকিয়া হৈছে বুলি মন্তব্য কৰে । সামাজিক দায়ৱদ্ধতাৰ ফলতে ধৰ্মৰ জন্ম হয় আৰু বাথৌ ধৰ্ম বড়োসকলৰ আদি ধৰ্ম বুলি মন্তব্য কৰি ধৰ্মৰ মাজেৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰি বুলি মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Urkhao Gwra Brahma at Bathou prayer and Kherai)।

TAGGED:

ABOUT THE AUTHOR

...view details