কলিয়াবৰ, 26 অক্টোবৰ :দীঘলীয়া সময় অতিবাহিত কৰা কাৰ্বি সশস্ত্ৰ সংগ্ৰামীৰ নতুন পদক্ষেপে কাৰ্বি-আংলঙত এক শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে । তাৰ উমান পোৱা গ'ল সোমবাৰে কাৰ্বি-আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া চুচেন ধেণ্টাত । ২০২১ চনৰ ২ ছেপ্তেম্বৰৰ দিনটো আছিল কাৰ্বি জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন । এই দিনটোতে কেন্দ্ৰীয় চৰকাৰ আৰু কাৰ্বি-আংলঙৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয় ।
সেই চুক্তি অনুসৰি কাৰ্বি জনগোষ্ঠীয় ভালেকেইটা সশস্ত্ৰ সংগ্ৰামী গোটে সমগ্ৰ কাৰ্বি-আংলঙৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত মূলসুঁতিলৈ ঘূৰি অহাৰ সংকল্প লৈছিল । যোৱা সোমবাৰে নগাঁও আৰু কাৰ্বি-আংলঙৰ সীমামূৰীয়া চুচেন ধেন্তা কাৰ্বি পৰিষদীয় এলেকাত মূল সুঁতিলৈ ঘূৰি অহা সশস্ত্ৰ সংগ্ৰামীসকলক ৰাজহুৱা ভাৱে সম্বৰ্দ্ধনা জনালে চুচেন ধেন্তা উন্নয়ন পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থা আৰু ইউথ ফ্ৰণ্টে ।