ৰঙিয়া, 6 জুলাই :ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই প্ৰায় 310 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে । চৰকাৰে মেধাৱী ছাত্ৰীসকলক প্ৰদান কৰা এখন ৰঙা স্কুটীৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে ড্ৰাগছখিনি ৷ সৰবৰাহকাৰীয়ে প্ৰায় 18 টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই আনিছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা বুলি জানিব পৰা হৈছে ৷
ড্ৰাগছ সৰবৰাহকাৰীটোৱে স্কুটীখনত ড্ৰাগছখিনি লৈ যোৱাৰ সময়তে ৰঙিয়া নগৰৰ জি কে কে পেট্ৰ’ল পাম্পৰ সমীপত আৰক্ষীয়ে হাতে-লোটে আটক কৰে । দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উঠিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে । আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে(Drug smuggler arrested at Rangia) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ৰঙিয়াৰ টেটেলিগুৰিৰ ছফিকুল আলী বুলি জানিব পৰা হৈছে ।