অসম

assam

বানেধোৱা ৰঙিয়াৰ বগৰীবাৰীত নাই পূৰ্বৰ নদন বদন সদৃশ পৰিৱেশ

By

Published : Jun 25, 2022, 4:31 PM IST

বানেধোৱা ৰঙিয়াৰ এক হৃদয় বিদাৰক দৃশ্য ৷ মানুহ আৰু পোহনীয়া জন্তু সকলো এখন চালিৰ তলত ৷ খাবলৈ, শুৱলৈ, থাকিবলৈ এতিয়া একো নাই ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত ৷ বছৰৰ দ্বিতীয়টো বানত সকলো হেৰুৱাই এতিয়া নিঃকিন হৈ পৰিছে বগৰীবাৰীৰ কেবাটাও পৰিয়াল (Flood victim of Rangia) ৷

Flood victim of Rangia
বানেধোৱা ৰঙিয়াৰ বগৰীবাৰীত নাই পূৰ্বৰ নদন বদন সদৃশ পৰিৱেশ

ৰঙিয়া, 25 জুন : কিছুদিন পূৰ্বে ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি চিঙি বানে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল (Flood in Assam) । বানত থানবান হৈ গৈছিল বহু পৰিয়ালৰ সপোন । বহু লোকৰ জীৱনজোৰা কষ্টৰ অন্তত সাজি উলিওৱা মৰমৰ ঘৰখন মুহূৰ্ততে নিশ্চিহ্ন হৈ পৰিছিল (Many houses swept away in flood at Rangia) ।

এসময়ত নদন বদন হৈ থকা একো একোখন ঘৰকে ধৰি সেই ঠাইবোৰত এতিয়া পূৰ্বৰ দৰে কোনো চিন চাব নাই (Flood victim of Rangia)। পুঠিমাৰীৰ বলিয়া বানে উটুৱাই নিয়াৰ পিছত এতিয়া চৌদিশে আছে কেৱল বোকা, পানী আৰু ভগ্নাৱশেষ । মথাউৰি ছিঙাৰ সময়ত প্ৰাণৰ মমতাত সকলো এৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছিল অঞ্চলটোৰ ৰাইজে (Many people homeless due to Puthimari River flood) ৷

বানেধোৱা ৰঙিয়াৰ বগৰীবাৰীত নাই পূৰ্বৰ নদন বদন সদৃশ পৰিৱেশ

অঞ্চলটোৰ ভুক্তভোগী ৰাইজে আজি আশ্ৰয় ল’ব লগাত পৰিছে সেই ভগ্ন মথাউৰিৰ ওপৰতেই ।

মৰমৰ ঘৰখনৰ লগতে খেতি পথাৰ, পুখুৰীৰ মাছ, বাৰীৰ শাক-পাচলি সকলো হেৰুৱাই এতিয়া মথাউৰিৰ ওপৰত ট্ৰিপালেৰে সজা একোখনকৈ সৰু চালিৰ তলত দিন অতিবাহিত কৰিছে বন্যাৰ্তই । চকুৰ পলকতে বাঢ়নী পানীয়ে উটুৱাই নিয়া আপোন ঘৰখন আকৌ কেনেদৰে সাজিব, সেই চিন্তাত দিন পাৰ কৰিছে বানাক্ৰান্ত ৰাইজে ।

উল্লেখযোগ্য যে, 2000 চনৰ পৰা এতিয়ালৈকে পাঁচ বাৰ ছিগিল বগৰীবাৰী মথাউৰিটো । অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, চৰকাৰে প্ৰত্যেক বাৰেই মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে পুঁজি আবণ্টন দিয়ে । বিভিন্নজন ঠিকাদাৰে সেইমতে কামো কৰে । কিন্তু কাৰ গাফিলতি আৰু হেমাহিৰ বাবে উক্ত মথাউৰিটো নিৰ্মাণৰ পিছতো বাৰে বাৰে ভাঙি যায়, সেয়াহে বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷ সেয়ে এই ক্ষেত্ৰত চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী বন্যাৰ্ত ৰাইজে ৷

লগতে পঢ়ক :হাজিৰা কৰি ল’ৰাটোৱে বনাইছিল ঘৰখন, কিন্তু এতিয়া নাই: বন্যাৰ্তৰ বিননি

ABOUT THE AUTHOR

...view details