Flood in Assam 2022: কপিলীত জাহ গ’ল লংকাৰ এখন গাঁও

author img

By

Published : Jun 23, 2022, 9:18 PM IST

Many people homeless due to Kapili river flood

ৰাজ্যৰ দ্বিতীয়টো বানত (Flood in Assam) কপিলী নৈত জাহ গ’ল লংকা ৰাজহ চক্ৰৰ মানচিত্রত সন্নিবিষ্ট থকা এখন গাঁও (Many people homeless due to Kapili river flood) । বানৰ পাছত আপোন ঘৰখন বিচাৰি নাপাই হাহাকাৰ বানাক্ৰান্তৰ । অঞ্চলজুৰি কান্দোনৰ ৰোল ।

হোজাই, 23 জুন: বিগত কিছু দিন ধৰি হৈ যোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ ভিন্ন অঞ্চল(Flood in Assam)। হোজাই জিলাৰ কপিলী নৈৰ বুকুত ঘৰ-বাৰী হেৰুৱাই এতিয়া অঘৰীৰ দৰেই বসবাস কৰিছে এখন গাঁৱৰ ৰাইজে(Flood in Hojai due to heavy rainfall) । লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত ঠাইচুৱালী গাঁওখন কপিলী নৈৰ গৰাখহনীয়াই উটুৱাই নিয়ে (Kapili rive erosion at Hojai) ৷

বানৰ পিছত আপোন ঘৰখন বিচাৰি নাপাই এতিয়া হাহাকাৰ লাগিছে গাঁৱখনৰ বানাক্ৰান্তসকলৰ মাজত (Many people homeless due to Kapili river flood) ৷ সম্প্ৰতি ক্ৰমাৎ শান্ত হৈ পৰিছে কপিলী নৈখন ৷ পিছে আশ্ৰয় শিবিৰৰ পৰা ওভতি আহি নিজৰ আপোন ঘৰখন কপিলীৰ বুকুত জাহ যোৱাৰ দৃশ্য দেখি হিয়া ভাঙি কান্দিছে গঞাই ৷ বৃহস্পতিবাৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ সেই স্থানত উপস্থিত হৈ ভুক্তভোগীসকলৰ খবৰ লয় ৷

Flood in Assam 2022: কপিলীত জাহ গ’ল লংকাৰ এখন গাঁও

এইবাৰ কপিলী নৈয়ে অন্য এক ৰূপ লোৱা বুলি বুলি উল্লেখ কৰি হোজাই জিলাত হোৱা গৰাখহনীয়াৰ পৰা জনসাধাৰণক পৰিত্ৰাণ দিবৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈকো বিধায়কগৰাকীয়ে চৰকাৰক আহ্বান জনায় ৷ ৰাজ্য চৰকাৰৰ লগতে বিশেষজ্ঞৰ লগতো এই গৰাখহনীয়া ৰোধৰ ওপৰত আলোচনা চলি আছে বুলি উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ।

লগতে, এনেদৰে বান গৰাখহনীয়া হৈ থাকিলে হোজাই জিলাৰ বহু নৈ পৰীয়া অঞ্চল, ঐতিহাসিক সমল আদি কপিলী নৈত বিলীন হৈ যাব বুলি উল্লেখ কৰি বান ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবই লাগিব বুলিও কলে স্থানীয় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক আমছুৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.