অসম

assam

Lok Sabha election 2024: প্ৰাৰ্থিত্বৰ বাবে সমষ্টিয়ে সমষ্টিয়ে শাসকীয় দলে চলাইছে জৰীপ

By

Published : Nov 6, 2022, 4:15 PM IST

Updated : Nov 6, 2022, 10:41 PM IST

লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ব্যাপক সালসলনি ঘটাব বিজেপিয়ে(Lok Sabha election 2024) । সমষ্টিয়ে সমষ্টিয়ে চলিছে জৰীপ । প্রবীণৰ পৰিৱৰ্তে নবীনক গুৰুত্ব দিয়াৰ সম্ভাৱনা অধিক । বৰ্তমানৰ ৯জন সাংসদৰ ভিতৰত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ প্রার্থিত্ব নিশ্চিত । বৰ্তমানৰ সাংসদসকলৰ ওপৰত জনতাৰ আস্থা কিমান হ্রাস-বৃদ্ধি হ’ল তাৰ ওপৰত দলীয় আৰু ব্যক্তিগত সংস্থাই চলোৱা জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত নিশ্চিত হ'ব প্রার্থিত্ব ।

http://10.10.50.80:6060/reg-lowres/06-November-2022/as-ghy-03-bjp-will-make-a-massive-change-in-its-candidature-for-the-lok-sabha-elections-7209925_06112022144034_0611f_1667725834_794.jpeg
প্ৰাৰ্থিত্বৰ বাবে সমষ্টিয়ে সমষ্টিয়ে শাসকীয় দলে চলাইছে জৰীপ কাৰ্য

গুৱাহাটী, ৬ নৱেম্বৰ:আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ(2024 Lok sabha election) বাবে লক্ষ্য স্থিৰ কৰি ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । লক্ষ্যত উপনীত হোৱাৰ বাবে কোনো ধৰণৰ সুৰুঙা নৰখাকৈ এইবাৰ বিজেপিয়ে বিশেষ ৰণকৌশল অৱলম্বন কৰিছে । এইবাৰ বিজেপিয়ে প্রবীণৰ পৰিৱৰ্তে নবীনক অগ্ৰাধিকাৰ দিয়াৰ নীতি গ্ৰহণ কৰিছে । একেখিনি নেতাক দলীয় পদবী বা নিৰ্বাচনত প্রার্থিত্ব প্ৰদান কৰি থাকিলে তৃণমূলৰ জনতাৰ আস্থা হ্রাস পাব পাৰে বুলি আশংকা কৰি দলৰ প্ৰায়বোৰ স্তৰতে ক্রমাগতভাৱে নতুনত্ব অনা দলটোৱে লোকসভাৰ আগন্তুক নির্বাচনতো প্রার্থিত্ব প্ৰদানত নতুনত্ব অনাৰ বাবে আগতীয়াকৈ চিন্তা-চৰ্চা কৰিছে ।

ঠিকনা সলনি হ'ব পাৰে পল্লৱ, তপন, প্ৰদানৰ

এক কথাত দলীয় নেতাৰ মাজত সাময়িকভাৱে ক্ষোভ-অসন্তুষ্টি গা কৰি উঠিলেও লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ২০১৯ চনৰ নীতি অটুট ৰখাৰ সম্ভাৱনা প্ৰকট হৈছে । এই পর্যন্ত দলীয়ভাৱে কোনো কথা প্ৰকাশ কৰা নাই যদিও দলৰ শীর্ষ সূত্ৰই জনোৱা মতে লোকসভাৰ আগন্তুক নির্বাচনত প্রার্থী বাচনিত ব্যাপক সালসলনি কৰা হ'ব । ২০১৯ চনৰ নিৰ্বাচনত দলটোৰ সেই সময়ৰ ৭জন সাংসদৰ ৫জনকে পুনৰ প্রার্থিত্ব প্ৰদানৰ পৰা বঞ্চিত কৰাৰ পাছত এইবাৰ ৯ জন সাংসদৰ ভিতৰত অধিকসংখ্যককেই পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা আঁতৰত ৰাখিব পাৰে ।

অনিশ্চিত পুনৰ প্ৰাৰ্থিত্ব ! কি হ'ব কুইন, ৰামেশ্বৰ, হৰেনছিং, ৰাজদ্বীপৰ ?

জানিব পৰা মতে দলৰ কেন্দ্ৰীয় কমিটীয়ে গ্ৰহণ কৰা এই নীতি অনুসৰি অসমত লোকসভাৰ সমষ্টিসমূহৰ ওপৰত জৰীপ চলোৱা কাৰ্য অব্যাহত ৰখা হৈছে । অর্থাৎ দলীয় আৰু ব্যক্তিগত সংস্থাই চলোৱা জৰীপৰ ভিত্তিত কেইবাটাও সমষ্টিত অন্তিম সময়ত দলে প্রার্থী সালসলনি কৰিব । জানিব পৰা মতে বৰ্তমানৰ ৬-৭জন সাংসদে পুনৰ প্রার্থিত্ব লাভ কৰাৰ পথ মসৃণ হৈ থকা নাই । কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ(Union Minister Rameswar Teli) পৰা বৰাকৰ সাংসদ ডাঃ ৰাজদীপ ৰয়লৈ এই পর্যন্ত অধিকসংখ্যক সাংসদৰে পুনৰ প্রার্থিত্ব অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে ।

প্রার্থিত্বত অনিশ্চয়তা দেখা দিছে হৰেনছিং বে’, কুইন ওজা, পল্লৱ লোচন দাস, তপন কুমাৰ গগৈৰ ক্ষেত্ৰতো । এইসকল সাংসদৰ ওপৰত জনতাৰ আস্থা কিমান হ্রাস-বৃদ্ধি হ’ল তাৰ ওপৰত দলীয় আৰু ব্যক্তিগত সংস্থাই চলোৱা জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত পুনৰ প্রার্থিত্ব নিশ্চিত হ’ব । অৱশ্যে মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়াক(MP Dilip Saikia) লৈ এই মুহূৰ্তত কোনো প্রশ্নৰ অৱতাৰণা হোৱা নাই । তাতে আকৌ সাংসদ শ‍ইকীয়া কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদকৰ লগতে আন ৰাজ্যৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকাত তেওঁৰ প্রার্থিত্বক লৈ এই মুহূৰ্তত কোনো নেতিবাচক প্ৰশ্নৰ উদয় হোৱা নাই ।

ইয়াৰ পৰাই নিৰিক্ষণ সকলো...

দলীয় সূত্ৰ মতে হৰেনছিং বে’, ৰাজদীপ ৰয়, কুইন ওজা আদি সাংসদে নিজাববীয়া কৰ্মৰাজিৰে তৃণমূলত আশা কৰা ধৰণে প্ৰভাৱ বৃদ্ধি কৰাত বিশেষ ভূমিকা ল’ব পৰা নাই । ঠিক সেইদৰে লোকসভালৈ যোৱাৰ পৰিৱৰ্তে ৰাজ্যৰ ৰাজনীতিলৈহে আগ্ৰহী হৈছে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ(MP Topon Kumar Gogoi) আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস(MP Pallav Lochan Das)। নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিয়া অনুসৰি সাংসদ পল্লৱ লোচন দাসক ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা এইবাৰ আঁতৰত ৰখাৰ সম্ভাৱনাই অধিক । অৱশ্যে তপন কুমাৰ গগৈৰ ক্ষেত্ৰত বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী হ'লেও ৰামেশ্বৰ তেলীৰ প্রার্থিত্ব এইবাৰ একেবাৰে নিশ্চিত নহয় । মন্ত্ৰীজনক লৈ কোনো অনিয়ম বা দুৰ্নীতিৰ অভিযোগ নাই যদিও তাত চাহ জনগোষ্ঠীৰ অন্য এজন নেতাক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা বেছি । ইফালে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক ৰাজ্যৰ ৰাজনীতিত আনভাৱে সংস্থাপিত কৰাৰ পথ সুচল নহ'লে সাংসদজনে লখিমপুৰত পুনৰ প্ৰাৰ্থিত্ব পাব পাৰে । আনহাতে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ প্ৰসংগ এতিয়াও বিশেষভাৱে চৰ্চালৈ অহা নাই যদিও সময়তহে নিশ্চিত হ'ব তেওঁৰ প্ৰাৰ্থিত্ব ।

সেই দিশৰ পৰা মঙলদৈ, লখিমপুৰ আৰু কৰিমগঞ্জত প্রার্থী সালসলনিৰ বিষয়টো বিশেষভাৱে চৰ্চালৈ অনা নাই । ইয়াৰ বাহিৰে আন সমষ্টিকেইটাত নতুনত্ব অনাৰ সম্ভাৱনাই অধিক । উল্লেখ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে জয়ৰ লক্ষ্যৰে অসমৰ ১২ খন আসনত নিজে প্ৰতিদ্বন্দ্বিতা কৰি দুখন আসন মিত্রদল অগপ আৰু ইউ পি পি এলক এৰি দিব(AGP BJP Alliance in Lok Sabha election) । অৱশ্যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও সকলো সমষ্টিতে বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে ।

লগতে পঢ়ক:BPF chief Hagrama Mohilary: পুনৰ বিটিচি দখলৰ কুচকাৱাজ হাগ্ৰামা মহিলাৰীৰ

Last Updated :Nov 6, 2022, 10:41 PM IST

ABOUT THE AUTHOR

...view details