অসম

assam

Assam Movement Martyrs Day : অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

By

Published : Dec 10, 2022, 4:45 PM IST

শ্বহীদ দিৱস উপলক্ষে আজি চৰকাৰীভাৱে অনুষ্ঠিত কৰা হয় গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । 'অসম আন্দোলনৰ তথ্যকোষ' শীর্ষক গ্ৰন্থখনৰ চতুৰ্থ আৰু পঞ্চম খণ্ড উন্মোচন । শ্বহীদৰ স্মৃতিত নিৰ্মাণ হৈ থকা স্মাৰক উদ্যানখন ২০২৩ চনৰ ১০ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য (swahid divas observed in Assam) । অসম আন্দোলনত বিশেষভাৱে আঘাতপ্রাপ্ত ১৯২ গৰাকী লোক তথা পৰিয়াললৈ দুই লাখ টকাকৈ এককালীন আর্থিক অনুদান ।

sahid divas
sahid divas

অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

গুৱাহাটী, ১০ ডিচেম্বৰ : ৰাজ্যজুৰি শুকুৰবাৰে উদযাপন কৰা হৈছে শ্বহীদ দিৱস (swahid divas observed in Assam) । অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি ৰাজ্যজুৰি ১০ ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হয় (Remembering 855 martyrs of Assam Movement) । অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আৰু অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰত্যেক বছৰে আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে (martyr of Assam movement Khargeshwar Talukdar) ।

শ্বহীদ দিৱস উপলক্ষে আজি চৰকাৰীভাৱে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় । অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা শ্রদ্ধাঞ্জলী অনুষ্ঠানত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই অংশগ্ৰহণ কৰে (Assam Accord Implementation Minister Atul Bora) ।

অনুষ্ঠানত মন্ত্রীগৰাকীয়ে 'অসম আন্দোলনৰ তথ্যকোষ' শীর্ষক গ্ৰন্থখনৰ চতুৰ্থ আৰু পঞ্চম খণ্ডটো উন্মোচন কৰে (Assam Movements Encyclopedia) । লগতে অসম আন্দোলনত বিশেষভাৱে আঘাতপ্রাপ্ত লোকসকলৰ মাজত এককালীন আর্থিক অনুদান প্রদান কৰে । অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ভাষণত মন্ত্রী বৰাই কয় যে শ্বহীদৰ স্মৃতিত নিৰ্মাণ হৈ থকা স্মাৰক উদ্যানখন ২০২৩ চনৰ ১০ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে (Memorial Park of Assam movement martyrs) ।

অসম আন্দোলনত নিৰ্যাতিত হোৱাসকলক আৰ্থিক অনুদান দিয়াৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । অসম আন্দোলনত গুৰুতৰভাৱে আঘাত পোৱাসকলক ২ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এইক্ষেত্রত চৰকাৰে ২৮৮ জনৰ নাম লাভ কৰিছে যদিও ১৯২ জনকহে বিচাৰি পোৱা গৈছে । আনহাতে, গুলী লাগি আঘাত পোৱা ৪৬০ গৰাকীৰ ভিতৰত ৩৯৩ গৰাকীক বিচাৰি পাই ২ লাখ টকাকৈ দিয়া হৈছে । সেইদৰে শ্বহীদৰ পৰিয়ালৰ ৮৬০ টাৰ ভিতৰত ৮০৬ টা পৰিয়ালক বিচাৰি পাই ৫ লাখ টকাকৈ দিয়া হৈছে (swahid diwas celebrate by assam government) ।

তেওঁ লগতে কয় যে অসম চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বাবে সম্পূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছে । আনহাতে, ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সীমা ছীল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে । অনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনত বিশেষভাৱে আঘাতপ্রাপ্ত ১৯২ গৰাকী ব্যক্তি তথা পৰিয়াললৈ দুই লাখকৈ টকাৰ এককালীন সাহায্য প্রদান কৰা হয় ।

উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । ১৮৪ কোটি টকাৰ বাজেটেৰে নিৰ্মীয়মাণ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ অহা বছৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে । স্মাৰক ক্ষেত্ৰত পুথিভঁৰাল, তথ্যকোষ, মুকলি থিয়েটাৰ, প্রেক্ষাগৃহ থাকিব । যোগ কেন্দ্র, চাইক্লিং ট্ৰেকৰ লগতে শিশুৰ খেলা-ধূলাৰ বাবে ৭০ শতাংশ স্থান মুকলি থাকিব । শ্বহীদ স্মাৰক ক্ষেত্ৰত উত্তৰ-পূবৰ খাদ্য সম্ভাৰৰ এখন ‘ফুড ক’ৰ্টো’ থাকিব ।

আজিৰ অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, ইউ জি ব্ৰক্ষ্ম, জয়ন্ত মল্ল বৰুৱা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ ঝাকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইফালে অগপই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰে । দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে দলৰ সকলো জিলা পৰিষদ আৰু বিধান পৰিষদে দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰে ।

লগতে পঢ়ক :Government school of Assam: অসমৰ ৭৬৯১ খন বিদ্যালয়ত নাই পুথিভঁৰালৰ সুবিধা

ABOUT THE AUTHOR

...view details