অসম

assam

Leo Expo 2023 Social Service Award: সদিচ্ছালৈ লিঅ’ এক্সপ’ ২০২৩ বৰ্ষৰ সমাজ সেৱা সন্মান

By

Published : Feb 13, 2023, 9:37 AM IST

'সদিচ্ছা' লৈ লিঅ' এক্সপ'ৰ ২০২৩ বৰ্ষৰ 'সমাজ সেৱা সন্মান' (Social Service Award to NGO Sadisha Foundation) ৷ 2022 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ অনুষ্ঠানত জনোৱা হৈছে বিশেষ সম্বৰ্ধনা । অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ৷

Leo expo Award 2023
লিঅ’ এক্সপ’ ২০২৩ বৰ্ষৰ ’সমাজ সেৱা সন্মান’

লিঅ’ এক্সপ’ ২০২৩ বৰ্ষৰ ’সমাজ সেৱা সন্মান’

গুৱাহাটী, 13 ফেব্ৰুৱাৰী :মহানগৰীত চলি আছে চলিত বৰ্ষৰ লিঅ' এক্সপ' ( Leo Expo 2023 in Betkuchi) ৷ মহানগৰীৰ বেটকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজিত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ’সদিচ্ছা’ লৈ লিঅ' এক্সপ'-ৱে প্ৰদান কৰিছে ২০২৩ বৰ্ষৰ 'সমাজ সেৱা সন্মান' (Leo Expo 2023) । মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি থকা লিঅ' এক্সপ'ৰ এক বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় (Social Service Award to NGO Sadisha Foundation) । এই অনুষ্ঠানতে 2022 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীক জনোৱা হয় বিশেষ সম্বৰ্ধনা ।

সম্বৰ্ধনা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা (Asom Sahitya Sabha president Dr Surjya Kanta Hazarika)। এই বাণিজ্য মেলাখনিয়ে ২০০৫ চনৰ পৰাই বিভিন্ন ক্ষেত্ৰত নিৰবিচ্ছিন্ন ভাৱে কাম কৰি অহা ব্যক্তি তথা অনুষ্ঠানলৈ প্ৰদান কৰি আহিছে বঁটাকে ধৰি বিশেষ সন্মান । চলিত বৰ্ষত এই বঁটাটি লিঅ' এক্সপ'ৰ তৰফৰ পৰা ’সদিচ্ছা’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোলৈ আগবঢ়ায় । বঁটাৰ লগত আছে এখন এক লাখ টকাৰ চেক, স্মাৰক আৰু মানপত্ৰ ( Leo Expo 2023 in Betkuchi)। বঁটা লাভ কৰা স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই জন্মলগ্নৰে পৰা আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই এক সুন্দৰ মহানুভৱতাৰ পৰিচয় দি আহিছে (Leo expo Award 2023) ৷

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ দিনীয়াকৈ অনুষ্ঠিত হৈছে এইবাৰৰ ২৩ সংখ্যক লিঅ' এক্সপ'। প্ৰতিবছৰে দেশী-বিদেশী বিভিন্ন বিপণীৰ লগতে আকৰ্ষণীয় সামগ্ৰীৰ সমাহাৰ ঘটে এই লিঅ' এক্সপ'ত ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ পূৰ্বৰ দৰে এইবাৰো এক্সপ'ত অংশগ্ৰহণ কৰিছে ২০০ খনতকৈও অধিক দেশী- বিদেশী বিপণীয়ে ।

স্মৰ্তব্য যে, ভাৰতৰ প্ৰতিখন ৰাজ্যৰে নিজাকৈ আছে সুকীয়া কলা-সংস্কৃতি তথা বেশভূষা আৰু এই লিঅ' এক্সপ'ত প্ৰতিবছৰেই দেশৰ বিভিন্ন ৰাজ্যৰ এনে মনোমোহা সাজ-পোছাকৰ লগতে বিভিন্ন আ-অলংকাৰেৰে ভৰি পৰেহি ৷ এইবাৰো ভাৰতৰে প্ৰায় শতাধিক বিপণীয়ে এই মেলাত অংশগ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ ভাৰতৰ লগতে এই মেলাত সমাহাৰ ঘটিছে বহু বিদেশী বিপণীৰো ৷

আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি, এইবাৰৰ লিঅ' এক্সপ'ত বিদেশী ৰাষ্ট্ৰৰ ৬ খনকৈ বিপণীয়ে অংশগ্ৰহণ কৰিছে । সেইয়া হৈছে ইৰাণ, আফগানিস্তান, থাইলেণ্ড, শ্ৰী লংকা, ইউনাইটেড আৰৱ এমিৰেটচ আৰু বাংলাদেশ । এক্সপ'ত বিগত দিনকেইটাত হোৱা গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনকেইটাতো যঠেষ্ট গ্ৰাহকৰ আগমন ঘটিব বুলি আশা কৰিছে এক্সপ’ৰ আয়োজকে । বাণিজ্য মেলাখনৰ লগতে প্ৰতিদিনে সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক :Mission Amrit Sarovar: চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলিছে বন ধ্বংস কাৰ্য

ABOUT THE AUTHOR

...view details