গুৱাহাটী,১০ জুন:গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ ভঙাগড়, উলুবাৰীৰ বি কে কাকতি পথ, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰৰ পদপথত দখল কৰি ব্যৱসায়ী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়(Guwahati Municipal Corporation eviction drive) । অভিযানত ভঙাগড়, উলুবাৰীৰ বি কে কাকতি, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰত প্ৰায় দুই শতাধিকখন অস্থায়ী দোকান উচ্ছেদ কৰে ।
গুৱাহাটী পৌৰ নিগমৰ বিষয়া দীপশিখা গগৈয়ে জনায় যে যোৱা ৬ জুনৰ পৰা ১০ জুনলৈ গুৱাহাটীৰ ভঙাগড়, উলুবাৰীৰ বি কে কাকতি পথ, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা শাক পাচলি আৰু মাংসৰ অস্থায়ী দোকান উচ্ছেদ কৰা হৈছে । তেওঁ জনায় যে পৰৱৰ্তী সময়তো গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিব ।