অসম

assam

HC verdict on Garukhuti Eviction: গৰুখুঁটিৰ উচ্ছেদ: উচ্চ ন্যায়ালয়ত নৰজিল কংগ্ৰেছৰ আবেদন

By

Published : Jan 26, 2023, 6:35 PM IST

গৰুখুঁটিৰ উচ্ছেদিতৰ ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি মুখ থেকেচা খালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ মঙলবাৰে আবেদনৰ শুনানি গ্ৰহণ কৰি সেই আবেদন খাৰিজ কৰে ন্যায়ালয়ে(HC verdict on Garukhuti Eviction) ৷

HC verdict on Garukhuti Eviction
গৰুখুঁটিৰ উচ্ছেদ; উচ্চ ন্যায়ালয়ত নৰজিল কংগ্ৰেছৰ আবেদন

নিউজ ডেস্ক, 16 জানুৱাৰী: ৰাজ্য চৰকাৰে গৰুখুঁটি প্ৰকল্প স্থাপনৰ বাবে ছিপাঝাৰত চলোৱা উচ্ছেদ অভিযানৰ পিচতেই ইয়াক প্ৰত্যাহ্বান জনাই উচ্ছেদিতক ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত(Guwahati High court) এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল নাজিৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(PIL against Sipajhar eveiction) ৷ এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি মঙলবাৰে গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati HC hearing on Sipajhar eviction) ৷ তাৎপৰ্যপূৰ্ণভাৱে দেৱব্ৰত শইকীয়াৰ আবেদনক খাৰিজ কৰিলে ন্যায়ালয়ে ৷

ন্যায়ালৰয়ে শুনানি গ্ৰহণ কৰি কয় যে , দেৱব্ৰত শইকীয়াই(Debabrata Saikia) ছিপাঝাৰৰ গৰুখুঁটিত কৃষি প্ৰকল্প স্থাপন বাবে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে আৰু উচ্ছেদিতসকলকল ৰাষ্ট্ৰীয় পুনঃসংস্থাপন নীতি 2007ৰ অধীনত আৰু বান আৰু গৰাখহনীয়া ব্যৱস্থাপনাৰ অধীনত পুনঃসংস্থাপনৰ দাবী জনাইছে ৷ লগতে, ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণ আইনৰ অধীনত ক্ষতিপূৰণৰ দাবী কৰিছে ৷

ইয়াৰোপৰি উচ্চ ন্যায়ালয়ে কয় যে, আবেদকাৰীৰ শুনানি গ্ৰহণ কৰি প্ৰায় 700টা পৰিয়ালক উচ্ছেদ কৰাৰ কথা পোহৰলৈ আহিছে(HC verdict on Garukhuti Eviction) ৷ কিন্তু দৰং জিলাৰ ছিপাঝাৰত কৃষি প্ৰকল্প স্থাপন সিদ্ধান্ত আছিল কেবিনেটৰ সিদ্ধান্ত(Garukhuti agri project) ৷ সেয়েহে, ন্যায়ালয়ক এনে কোনো সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম কৰাৰ বাবে কোনো ভিত্তি বিচাৰি পোৱা নগ'ল যাৰ জড়িয়তে চিপাঝাৰত কৃষি ফাৰ্ম/মডেল প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক হস্তক্ষেপ কৰিব পাৰে ।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অচিন্তমল্ল বুজৰবৰুৱা আৰু ৰবীন ফুকনক লৈ গঠিত দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল দেৱব্ৰত শইকীয়াই দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি ৷ শুনানিত লগতে কোৱা হয় যে, গৰখুঁটি প্ৰকল্প স্থাপন বাবে প্ৰায় 700 পৰিয়ালক উচ্ছেদ কৰা হৈছিল(Garukhuti eveiction) ৷ ইয়াৰে 600 পৰিয়ালক ইতিমধ্যেই সংস্থাপন দিছে চৰকাৰে ৷

আনহাতে, বাকী থকা লোকসকলৰ আন স্থানত ভূমি থকা বুলি স্পষ্ট হৈছে ৷ সেয়েহে, 100টা পৰিয়ালক পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে দৰং জিলাৰ উপায়ুক্তৰ কাষ চাপিবলৈ আহ্বান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ লগতে দৰং জিলা উপায়ুক্তক সকলো নথি-পত্ৰ পৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷

লগতে পঢ়ক:Meghalaya Assembly Election : মেঘালয়ৰ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details