অসম

assam

Assam Accord: অসম চুক্তিৰ দ্বিমত নথকা বিষয়সমূহ সন্দৰ্ভত এমাহৰ ভিতৰত প্ৰস্তুত কৰা হ'ব প্ৰতিবেদন; মন্ত্রী অতুল বৰা

By

Published : Jul 26, 2023, 7:44 PM IST

জনতা ভৱনত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ পৌৰোহিত্যত অসম চুক্তি ৰূপায়নৰ বাবে গঠিত উপ সমিতিৰ পঞ্চমখন বৈঠক । অসম চুক্তি ৰূপায়ন সম্পৰ্কত আছুৱে দিয়া লিখিত পৰামৰ্শ সন্দৰ্ভত বিশদ আলোচনা । এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভত আছুৰ অসন্তুষ্টি । আছুৰ অসন্তুষ্টিত মন্ত্ৰী অতুল বৰাৰ সহমত প্ৰকাশ ।

Assam Accord
Assam Accord

অসম চুক্তি ৰূপায়নৰ বাবে গঠিত উপ সমিতিৰ পঞ্চমখন বৈঠক

গুৱাহাটী, ২৬ জুলাই: অসম চুক্তি ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া উপ সমিতিৰ বুধবাৰে পঞ্চমখন বৈঠক অনুষ্ঠিত হয় ৷ জনতা ভৱনত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত উপ সমিতিৰ সদস্যসকলে অংশ গ্ৰহণ কৰে ৷

উল্লেখ্য যে অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়নৰ লক্ষ্যৰে বিগত বৰ্ষৰ ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই উপ সমিতিখন গঠন কৰি দিছিল । আজি এই উপ সমিতিৰ পঞ্চমখন বৈঠক অনুষ্ঠিত হয় ৷

বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে আছুৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰে ৷ বৈঠকত অসমৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ স্বাৰ্থত অসম চুক্তিৰ গুৰুত্বপূৰ্ণ মতানক্যবিহীন দফাসমূহৰ যথাযথ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰা হয় । তদুপৰি অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতৰ পৰিয়ালসমূহৰ হকে অসম চৰকাৰে সদায়ে কাম কৰি আহিছে আৰু ভৱিষ্যত সময়তো কৰি যোৱাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয় ।

অসম চুক্তি অনুসৰি অসমত ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু কি প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰি সেই সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয় । বৈঠকত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা প্ৰমুখ্যে আছুৰ নেতৃবৃন্দ, অসম চুক্তি ৰূপায়ন বিভাগৰ বিশেষ সচিব অশোক বৰ্মনকে ধৰি আন বিষয়াসকল উপস্থিত আছিল ৷

বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে আজি অসম চুক্তি দফাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । আছুক অসম চুক্তি ৰূপায়ন সম্পৰ্কত লিখিত পৰামৰ্শ দিয়াৰ বাবে জনোৱা আহ্বান অনুসৰি লিখিত পৰামৰ্শ দিছিল । এই পৰামৰ্শ সন্দৰ্ভত বিভাগীয় বিষয়া পৰ্যায়ত আলোচনা কৰা হৈছে । বিভিন্ন বিভাগৰ পৰা মতামত গ্ৰহণ কৰা হৈছিল ।

বুধবাৰৰ আলোচনাত এই বিষয়ে আলোচনা কৰা হয় । তেওঁ কয় যে আজিৰ আলোচনা ফলপ্ৰসু হৈছে আৰু অতি কম দিনৰ ভিতৰতে প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা যাব । আজিৰ বৈঠকত পৰৱৰ্তী বৈঠকৰ লগতে এমাহৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তেওঁ লগতে কয় যে এন আৰ চি (NRC) সম্পৰ্কত আছুৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যখনত এন আৰ চি উন্নীতকৰণৰ যি কাম চলি আছিল তাত অসন্তুষ্টি ব্যক্ত কৰিছে । আছুৰ দৃষ্টিভংগীত তেওঁ সহমত প্ৰকাশ কৰাৰ কথা সদৰী কৰে ।

ছেকেণ্ড লাইন অফ ডিফেন্সৰ কথাত আছুৱে গুৰুত্ব দিয়াৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ১২ টা নতুন বি অ' পি (BOP) গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে শ্বহীদ নিৰ্যাতিত কল্যান ন্যাসৰ বাবে দিয়া ১০ কোটি টকাৰ সুদেৰে নিৰ্যাতিত পৰিয়ালক বিভিন্ন ধৰণে সহায় কৰা হ'ব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে আছুৱে দিয়া পৰামৰ্শৰ ভিতৰত এটা অন্যতম আছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় । ইতিমধ্যে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছে । এইক্ষেত্ৰত আছুৱে সহযোগিতা আগবঢ়োৱা বাবে তেওঁ আছুক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব ।

আনহাতে বৈঠকত আছুৱে উত্থাপন কৰা ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ প্ৰসংগতো আলোচনা কৰা হয় । অসম চুক্তিৰ দফাৰ ওপৰত আছুৱে দিয়া পৰামৰ্শ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে ইতিমধ্যে কৰা কাম আৰু পৰিকল্পনা সন্দৰ্ভত আছুৰ নেতৃত্বক অৱগত কৰোৱা হৈছে । তেওঁ লগতে কয় যে অসম চুক্তিৰ যিসমূহ বিষয়ত দ্বিমত নাই সেই সমূহ বিষয়ত এমাহৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱা হ'ব ।

ইফালে এই বৈঠকৰ পূৰ্বে ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণকাৰ্য চলি থকা 'শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ উদ্যান'ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে জনতা ভৱনত মন্ত্ৰী অতুল বৰাই অসম চুক্তি ৰূপায়ন বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ।

নিৰ্দিষ্ট সময়সীমা অৰ্থাৎ এই বছৰৰ ৩০ নৱেম্বৰৰ ভিতৰত প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিবলৈ বিষয়া, অভিযন্তাসকলক নিৰ্দেশনা দিয়ে মন্ত্ৰী বৰাই । বৈঠকত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয় ।

লগতে পঢ়ক:Golaghat Triple Murder: গোলাঘাট ট্ৰিপল মাৰ্ডাৰে প্ৰমাণ কৰিলে লাভ জিহাদ এতিয়াও আছে; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details