অসম

assam

Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

By

Published : Dec 18, 2022, 12:10 PM IST

এতিয়া সাম্ভাব্য নতুন সমষ্টিৰ সীমা, জনগাঁথনি, জনসংখ্যা, সংৰক্ষণ, নাম আদি কেনে হ'ব ? কি কি প্ৰভাৱ পৰিব তাক লৈ ব্যস্ত হৈ পৰিছে ৰাজনৈতিক-অৰাজনৈতিক সকলো স্তৰৰ লোক (Constituency rescheduling process in Assam) ৷ কিন্তু কিয় তদানীন্তন চৰকাৰে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ ? ইয়াৰ আঁৰৰ কাহিনীক্ৰম আছিল কি ?

Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া

গুৱাহাটী,১৮ ডিচেম্বৰ :প্ৰায় দুটা দশক ধৰি গেঁঠেলা মাৰি থকাৰ পাছত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Constituency rescheduling process in Assam)। অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণেৰে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ হয়তো ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সলনি হ'ব অসমৰ লোকসভা, বিধানসভা সমষ্টিৰ চাৰিসীমা (Redrawing constituency boundaries)৷ সলনি হ'ব ভোটাৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ হোৱাৰ আঁৰৰ ৰহস্য

অসমৰ ৰাজনৈতিক মহলৰ মাজত এই লৈ এতিয়া ব্যাপক চৰ্চা অব্যাহত ৷ ইতিমধ্যেই অসম চৰকাৰে ৰাজ্যখনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ৰাজ্য চৰকাৰৰ পত্ৰৰ ভিত্তিত সোনকালেই কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'ব বুলি ধাৰণা কৰা হৈছে ৷

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৫ ডিচেম্বৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে (CM in favour of rescheduling of constituencies) ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱৰ সময়ত তদানীন্তন চৰকাৰে ৰাজ্যখনত আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি দিয়া পত্ৰৰ বাবেই প্ৰক্ৰিয়াটো বন্ধ হৈ আছিল ৷ এতিয়া আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে বৰ্তমান আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নহয় বুলি বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ হোৱাৰ আঁৰৰ ৰহস্য

এতিয়া সাম্ভাব্য নতুন সমষ্টিৰ সীমা, জনগাঁথনি, জনসংখ্যা, সংৰক্ষণ, নাম আদি কেনে হ'ব ? কি কি প্ৰভাৱ পৰিব তাক লৈ ব্যস্ত হৈ পৰিছে ৰাজনৈতিক-অৰাজনৈতিক সকলো স্তৰৰ লোক ৷ কিন্তু কিয় তদানীন্তন চৰকাৰে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ ? আঁৰৰ কাহিনীক্ৰম কি আছিল ?

  • জড়িত হৈ আছিল এন আৰ চি প্ৰসংগ (NRC)
  • এতিয়া এন আৰ চি অবিহনে সমষ্টি পুনৰ নিৰ্ধাৰণ কিয় ?
  • সমষ্টি পুনৰ নিৰ্ধাৰণৰ কিয় বিৰোধিতা কৰিছিল আছুৱে ?
  • 'বন্ধ'ৰ আহ্বান জনোৱা আছুৰ স্থিতি এতিয়া কি ?

২০০২ চনত গঠন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে ২০০৮ চনত দেশৰ প্ৰায়সমূহ ৰাজ্যৰে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কাৰ্য সম্পন্ন কৰে ৷ কিন্তু সেই সময়ত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড- এইকেইখন ৰাজ্যৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ নহ'ল ৷ ইয়াৰ কাৰণ আছিল- এই ৰাজ্যকেইখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি ৷ কিন্তু কোনে সৃষ্টি কৰিছিল আইন শৃংখলাজনিত পৰিস্থিতিৰ সম্ভাৱনা ?

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ হোৱাৰ আঁৰৰ ৰহস্য

কোনে বিৰোধিতা কৰিছিল সমষ্টি পুনৰ গঠনৰ ? অসমত আছুৱে সমষ্টি পুনৰ গঠনৰ কিয় বিৰোধিতা কৰিছিল ? এই সকলো তথ্যই সন্নিৱিষ্ট হৈ আছে ২০০৭ চনৰ ১৮ জুনত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ আয়োগে দিয়া এটা নিৰ্দেশত ৷ কি আছে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদনত ?

  • ২০০৫ ৰ পৰা ২০০৭ চনলৈ আয়োগে অনুষ্ঠিত কৰিছিল ১৪ খন বৈঠক
  • ২০০৭ চনৰ ২৬ এপ্ৰিলত প্ৰকাশ পাইছিল খচৰা প্ৰস্তাৱনা
  • ২২ মে' ২০০৭ ৰ পৰা দাখিল কৰিবলৈ কোৱা হৈছিল ওজৰ-আপত্তি

কিন্তু ইমানখিনি আগবাঢ়িও কিয় থমকি ৰ'বলৈ বাধ্য হৈছিল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ? ইয়াৰ উত্তৰ পোৱা যায় আয়োগৰ এই নিৰ্দেশতে ৷ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছিল ব্যাপক ধৰ্ণা, ধৰ্মঘট, আন্দোলন ৷ আয়োগে যোৰহাট আৰু গুৱাহাটীত যিদিনা ৰাজহুৱা শুনানিৰ আহ্বান জনাইছিল, সেইদিনা সদৌ অসম ছাত্ৰ সন্থাই বন্ধৰ আহ্বান জনাইছিল ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ হোৱাৰ আঁৰৰ ৰহস্য

ব্যাপক আন্দোলনৰ বাবেই তেতিয়াৰ অসম চৰকাৰে আহ্বান জনাইছিল ৰাজনৈতিক দলসমূহৰ সৰ্বদলীয় বৈঠকৰ ৷ ১১ মে' ২০০৭ ত ৰাজনৈতিক দলসমূহৰ মাজত অনুষ্ঠিত বৈঠকৰ মূল সিদ্ধান্ত আছিল -

  • প্ৰথমতে উন্নীত কৰক এন আৰ চি
  • এন আৰ চি নোহোৱালৈকে হ'ব নোৱাৰিব সমষ্টি পুনৰ গঠন

২০০৭ চনৰ ১১ মে'ৰ সৰ্বদলীয় বৈঠকৰ চাৰিটা মূল সিদ্ধান্তৰ বাবেই অসমৰ ক্ষেত্ৰত পিছুৱাই দিয়া হয় সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া ৷ কি কি সিদ্ধান্ত লোৱা হৈছিল এই বৈঠকত ?

  • সৰ্বদলীয় বৈঠকৰ প্ৰথম সিদ্ধান্ত - সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পূৰ্বে উন্নীত কৰক এন আৰ চি (Re determination was closed due to NRC)
  • সৰ্বদলীয় বৈঠকৰ দ্বিতীয় সিদ্ধান্ত- সীমা পুনৰ নিৰ্ধাৰণে ৰাজ্যত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত কৰিব

এই সিদ্ধান্তত কোৱা হৈছিল যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যজুৰি ব্যাপক আন্দোলনৰ কাৰ্যসূচী দেখা গৈছে ৷ প্ৰতিটো সমষ্টিতেই ধৰ্ণা, বন্ধ, পথ অৱৰোধ, অনশনৰ দৰে কাৰ্যসূচী লোৱা দেখা গৈছে ৷ এইবোৰে ব্যাপক আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ বিভিন্ন গোষ্ঠীৰ মাজত সংঘাতৰ সূচনা হ'ব পাৰে ৷ সেয়ে ৰাজ্যৰ এই পৰিস্থিতিৰ বিষয়ে আয়োগক অৱগত কৰিবলৈ বিধানসভাৰ অধ্যক্ষক সৰ্বদলীয় বৈঠকে কৰ্তৃত্ব প্ৰদান কৰিছিল ৷

  • সৰ্বদলীয় বৈঠকৰ তৃতীয় সিদ্ধান্ত আছিল - প্ৰথমতে এন আৰ চি উন্নীত কৰা হওক

এই সিদ্ধান্তত কোৱা হৈছিল যে অসম চুক্তিৰ এটা মূল দফা আছিল এন আৰ চিৰ উন্নীতকৰণ ৷ সেইবাবেই সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন ছাত্ৰ সংগঠন, অসম সাহিত্য সভা আৰু অন্যান্য অৰাজনৈতিক সংগঠনে বিচাৰে যে এন আৰ চি উন্নীতকৰণ প্ৰথম পদক্ষেপ হোৱা উচিত তাৰ পাছতহে সমষ্টিৰ সীমা পুনৰ গঠন ৷

  • সৰ্বদলীয় বৈঠকৰ চতুৰ্থ সিদ্ধান্ত আছিল-এন আৰ চি উন্নীত নোহোৱাকৈ স্থগিত ৰাখক সমষ্টি পুনৰ গঠন

এই সিদ্ধান্তৰ বিষয়ে ২০০৭ চনৰ ১৬ মে'ত সমষ্টি পুনৰ গঠন আয়োগক অৱগত কৰিছিল অসম বিধানসভাৰ তেতিয়াৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ে ৷ ইয়াৰ পাছতেই আইন–শৃংখলাজনিত পৰিস্থিতিৰ আশংকাত পিছুৱাই দিয়া হৈছিল সমষ্টিৰ সীমা পুনৰ গঠনৰ কাম ৷

এতিয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ পৰিস্থিতি উন্নত হৈছে ৷ সেয়ে ৰাজ্য চৰকাৰে সমষ্টিৰ সীমা পুনৰ গঠন হোৱাটো বিচাৰে ৷ কিন্তু মূল কথাটো হ'ল ২০০৭ চনত আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণটোৱে আছিল এন আৰ চি ৷ সকলোৱে বিচাৰিছিল সমষ্টি পুনৰ গঠন হোৱাৰ আগতেই উন্নীত হওক এন আৰ চি ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ হোৱাৰ আঁৰৰ ৰহস্য

২০০৭ চনৰ ১১ মে'ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকতো একেই সিদ্ধান্ত লোৱা হৈছিল (All Party Meeting decision on Re determination)৷ কিন্তু ২০২২ চনতো অসম্পূৰ্ণ হৈ আছে এন আৰ চি ৷ অসম চৰকাৰে এতিয়াও মানি লোৱা নাই এন আৰ চি ৷ এন আৰ চি সম্পূৰ্ণ নোহোৱাকৈ কিয় সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা হৈছে, সেয়া হৈ পৰিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

আছু আৰু অসম সাহিত্য সভা আদিৰ ভূমিকা এতিয়া কি হ'ব সেয়াও মনকৰিবলগীয়া ৷ এন আৰ চি উন্নীত নোহোৱাকৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'বলৈ দিয়া নাছিল আছুৱে ৷ কৰিছিল বলিষ্ঠ বিৰোধিতা ৷ এতিয়া এন আৰ চি অসম্পূৰ্ণ হৈ থকা অৱস্থাত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ আছুৰ ভূমিকাও হৈ পৰিছে প্ৰশ্ন উদ্বেগকাৰী ৷

অৱশ্যে শেহতীয়াভাৱে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ কমিতিৰ পৰামৰ্শৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ৷ মৌনতাই সন্মতিৰ লক্ষণ ৷ এন আৰ চি অবিহনেই এতিয়া হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ সৰ্বদলীয় মৌনতাও এন আৰ চি অবিহনেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্মতি বুলি বিবেচনা কৰিব পাৰি ৷

লগতে পঢ়ক :Former MLA dacoit case: প্ৰাক্তন বিধায়কৰ বাসগৃহত ডকাইতিকাণ্ডৰ লগত জড়িত তিনি ডকাইত আটক

ABOUT THE AUTHOR

...view details