অসম

assam

গামোচাখন ডিঙিত ল'লেই অসমক ভালপোৱা নুবুজায়: মোদীক কটাক্ষ ৰিপুন বৰাৰ

By

Published : Jul 4, 2022, 6:41 PM IST

ৰাজ্যৰ বান সমস্যাৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে (TMC meets Governor Jagdish Mukhi)৷ ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানেৰে বহুকেইটা দাবী উত্থাপন কৰে ৷

TMC meets Governor  Jagdish Mukhi
ৰাজ্যৰ বান সমস্যাক লৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ৪ জুলাই: ৰাজ্যৰ বান সমস্যাক লৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল কংগ্ৰেছৰ । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে (TMC meets Governor Jagdish Mukhi) ৷ সোমবাৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ(Assam TMC president) নেতৃত্বত ৯ জনীয়া এটা সজাতি দলে বান সমস্যা সমাধান বিছাৰি স্মাৰক পত্ৰ প্ৰদান কৰে ।

ৰাজ্যপালক সাক্ষাৎ কৰি ৰিপুন বৰাই(Ripun Bora TMC) সংবাদ মাধ্যমৰ আগত কয় যে অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে । মোদীয়ে কেৱল গামোচাখন পিন্ধিলেই অসমক ভালপোৱা নুবুজায় । অসমক মাহী আইৰ দৃষ্টি দিছে কেন্দ্ৰই । নিৰ্বাচনৰ সময়ত ঘনাই আহিব পৰা কেন্দ্ৰৰ মন্ত্ৰী ৷ কিন্তু বানপানীৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী খবৰ ল’বলৈ নাহিলে । বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান নিশ্চিত কৰাৰ লগতে পৰৱৰ্তী শস্য চপোৱালৈকে অৰ্থাৎ নৱেম্বৰলৈ সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় তৃণমূল কংগ্ৰেছে (Assam TMC)।

ৰাজ্যৰ বান সমস্যাক লৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল কংগ্ৰেছৰ

আনহাতে বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ(Death in Assam flood) নিকটাত্মীয়ক অনুদান হিচাপে তৎক্ষণাৎ ৫ লাখ টকাকৈ প্ৰদান কৰা আৰু বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যক চৰকাৰে যিকোনো চৰকাৰী বা অৰ্ধ চৰকাৰী চাকৰিত সংস্থাপন দিয়া, মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা অসমৰ লোকসকলক ৫ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে বানপীড়িত অঞ্চলসমূহত চৰকাৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰো দাবী জনায় ৷

কৃষকসকলৰ প্ৰচুৰ ক্ষতিৰ কথা বিবেচনা কৰি ধান খেতি, উদ্যান শস্য, কুকুৰা পালন, মীন পালন, ঘৰুৱা জন্তু ইত্যাদিৰ ক্ষতি আৰু লোকচানৰ মূল্যাংকন কৰিবলৈ আৰু ক্ষতিপূৰণ দিবলৈ বিশেষজ্ঞক নিয়োজিত কৰাৰ দাবী জনায় ৷ লোকচানৰ আধাৰত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই বানপীড়িত অঞ্চলসমূত পৰ্যাপ্ত পশু খাদ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় তৃণমূলৰ নেতৃত্বই ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে ঘোষণা কৰি ২০১৪ চনৰ পৰা অসমক দিবলৈ বাকী থকা এনডিআৰএফৰ অধীনৰ সকলো বকেয়া শীঘ্ৰে মুকলি কৰাৰ দাবী জনায় তণমূল কংগ্ৰেছে (NDRF fund to Assam flood)৷ ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান সমস্যাৰ বাবে ঘোষণা কৰা তিনি হাজাৰ কোটি টকাৰ পেকেজ মুকলি কৰাৰো দাবী জনায় তৃণমূল কংগ্ৰেছে ।

ইয়াৰোপৰি ২০১৭ চনত প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰহ্মপুত্ৰৰ বান অধ্যয়ন আৰু গৱেষণাৰ বাবে ঘোষণা কৰা এশ কোটি টকা মুকলিৰো দাবী জনায় তৃণমূল কংগ্ৰেছে ৷ ৰাজ্যজুৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যাংকন কৰিবলৈ তৎক্ষণাৎ অসমলৈ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিবলৈও দাবী জনায় ।

লগতে পঢ়ক:খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আহ্বান সাংসদ খালেকৰ

ABOUT THE AUTHOR

...view details