টীয়ক, 3 নৱেম্বৰ : এগৰাকী ব্যক্তিৰ অসহায় স্বীকাৰোক্তি- "কাকো বিশ্বাসত নল'ব, মই যেনেকৈ কান্দিছো নহ'লে আপুনিও কান্দিব লাগিব ৷ গাখীৰ খুওৱাই সাপ পুহিছিলোঁ মই" ৷ কিমান দুখ পালে এগৰাকী ব্যক্তিয়ে এনেধৰণৰ কথা ক’ব পাৰে আপুনিও ভাবিবলৈ বাধ্য হ’ব ৷ এগৰাকী মানুহে জীৱনৰ ভিন্ন স্তৰত নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে আগুৱাই যায় ৷ কিন্তু তাৰমাজতে আপোনজনে দিয়া দুখ কোনেও সহজতে পাহৰিব নোৱাৰে ৷ এইবাৰৰ ঘটনাটোও প্ৰায় তেনেকুৱাই ৷
টীয়কৰ হাঁহচৰা অঞ্চলৰ পৰিচিত এগৰাকী ব্যক্তি, নাম গৌৰীনাথ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই চাকৰি সূত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল ৷ অকলশৰে থকা পত্নীৰ সংগী আছিল কণমানি সুৰেশ ৷ সুৰেশ মানে নুমলীগড়ৰ এঘৰ দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি সুৰেশ তাঁতি ৷ মাতৃ-পিতৃৰ অনুমতি সাপেক্ষে সুৰেশে নিচেই সৰুৰে পৰা থাকিবলৈ লৈছিল গৌৰীনাথ ভট্টাচাৰ্যৰ ঘৰত ৷ ব্যক্তিগৰাকীয়েও মৰমত অকণো কৃপণালি নকৰি সুৰেশক পঢ়াশুনাৰে পৰা আদি কৰি লাগতিয়াল সকলো সুবিধা প্ৰদান কৰিছিল ৷ এয়া কিছুবছৰৰ পূৰ্বৰ কথা ৷
লাহে লাহে দিন বাগৰিল ৷ ভট্টাচাৰ্য দম্পতীৰ একমাত্ৰ সাৰথি হৈ পৰিল সুৰেশ ৷ সকলো ঠিকে-ঠাকে চলি থকাৰ মাজতে দুৰ্ভাগ্যক্ৰমে পাঁচবছৰমান আগেয়ে ভট্টাচাৰ্যৰ পত্নী মিনু দেৱীৰ বিয়োগ ঘটে ৷ ইয়াৰ পিছত সুৰেশে অকলশৰীয়া অনুভৱ নকৰক বুলি ভাবিয়ে ভট্টাচাৰ্যই নুমলীগড়ৰ ঘৰত থ’বলৈ যায় ৷ কিন্তু গৌৰীনাথ ভট্টাচাৰ্যৰ মৰমক নেওচা দিব নোৱাৰি সুৰেশে পুনৰ তেওঁৰ লগতে হাঁহচৰালৈ ওভতি আহে ৷ লাহে লাহে ডেকা হ’ল তাহানিৰ সেই কণমানি সুৰেশ ৷ ডেকা হোৱাৰ লগে লগে বাঢ়িল বন্ধুবৰ্গ ৷ সুৰেশৰ নিসংগতা দূৰ কৰিবৰ বাবেই ভট্টাচাৰ্যই পত্নীৰ স্মৃতিত ঘৰৰ চৌহদতে স্থাপন কৰে এখন কণিষ্ঠ মহাবিদ্যালয় ৷ তাৰপিছতে তেওঁ সুৰেশক অৰ্পণ কৰে ঘৰটোৰ সমস্ত দায়িত্ব ৷