অসম

assam

যোৰহাটত ছ্যু-কা-ফা দিৱস পালন

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 3:48 PM IST

যোৰহাটত ছ্যু-কা-ফা দিৱস পালন ৷ তাই আহোম সাংস্কৃতিক সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত পালন কৰা হৈছে এই দিৱস ৷ অংশগ্ৰহণ কৰে সাংসদ তপন গগৈয়ে ৷

Sukapha Divas Observed in Jorhat
অসম দিৱসৰ কাৰ্যসূচী

ছ্যু-কা-ফা দিৱস পালন

যোৰহাট, 2 ডিচেম্বৰ : আজি ছ্যু-কা-ফা দিৱস অৰ্থাৎ অসম দিৱস ৷ আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটত বৰ অসম গঢ়োতা ছ্যু-কা-ফাক স্মৰণ ৷ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা সাত ৰাজ মাৰি এক ৰাজ কৰা, বৰ অসমৰ ভেটি গঢ়োতা চাওলুং ছ্যু-কা-ফাক স্মৰণ কৰি প্ৰতি বছৰে 2 ডিচেম্বৰৰ দিনটোত সমগ্ৰ অসমতে পালন কৰা হয় ছ্যু-কা-ফা দিৱস অৰ্থাৎ অসম দিৱস ৷

সমগ্ৰ ৰাজ্যৰ লগতে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটতো পালন কৰা হৈছে ছ্যু-কা-ফা দিৱস ৷ আজি জয়া ভৱনত তাই আহোম সাংস্কৃতিক সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত চাওলুং ছ্যু-কা-ফা দিৱস পালন কৰি বৰ অসম গঢ়োতাজনক স্মৰণ কৰাৰ লগতে পূৰ্বপুৰুষ সকলকো শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷ আজি জয়া ভৱনত পালন কৰা ছ্যু-কা-ফা দিৱসত অংশগ্ৰহণ কৰি সাংসদ তপন গগৈয়ে বৰ অসম গঢ়োতা ছ্যু-কা-ফাক স্মৰণ কৰাৰ লগতে পূৰ্বপুৰুষ সকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷

স্বৰ্গদেউ ছ্যু-কা-ফাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু মৈদাম তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ তপন গগৈয়ে কয় যে, বিদেশী পৰ্যটক সকলক যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউকে ধৰি আন জিলা সমূহলৈয়ো আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ আনহাতে আহোম সাম্ৰাজ্যৰ বিষয়ে নাজানো বুলি কোৱা সকলে নিজৰ অনভিজ্ঞতাৰ পৰিচয় দাঙি ধৰিছে ৷ কাৰণ যি জাতিয়ে 600 বছৰ শাসন কৰিছে আৰু বিশ্বত এনে কোনো জাতি নাই যিয়ে 600 বছৰ শাসন কৰিছিল তেনে এক জাতি অথবা সাম্ৰাজ্যৰ বিষয়ে নাজানো বুলি কোৱাটো হাস্যকৰ ৷ উল্লেখ্য যে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা, দুই যুৱক-যুৱতীয়ে আহোম সাম্ৰাজ্যৰ ওপৰত বিৰূপ মন্তব্য কৰা সন্দৰ্ভত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে ৷

লগতে পঢ়ক :আজি ছ্যু-কা-ফা দিৱস, টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন ছ্যু-কা-ফা দিৱস

ABOUT THE AUTHOR

...view details